কিমান সুৰক্ষিত মহানগৰবাসী?

দিনক দিনে অপৰাধৰ সংখ্যা বাঢ়ি আছে গুৱাহাটী মহানগৰত। কৰ’বাত যদি চুৰি কাণ্ড,আন কৰ’বাত আকৌ হত্য়াকাণ্ড। দিনদুপৰতে যুৱতী-বোৱাৰীক শ্লিলতাহানীৰ চেষ্টা। মুঠতে অপৰাধ,অপৰাধ আৰু অপৰাধ। গুৱাহাটীক এতিয়া দুঃস্বপ্নৰে ভৰা মহানগৰীলৈ ৰূপান্তৰ কৰিছে অপৰাধে। গুৱাহাটীত সাধাৰণ নাগৰিক কিমান নিৰাপদ? উত্থাপন হৈছে প্ৰশ্নৰ। আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মহানগৰীতে সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ অপৰাধজনিত ঘটনা। মহানগৰবাসীয়ে ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই প্ৰথমে পাই অপৰাধৰ খবৰ।

অপৰাধ, অপৰাধী, অপৰাধ-প্রৱণতা আৰু সমাজ

অপৰাধীক দমন কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিলেও কিছু কিছু ক্ষেত্ৰত বিফল হৈছে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষী। অস্ত্ৰধাৰী দুবৃৰ্ত্তৰ সন্ত্ৰাসত শংকিত মহানগৰবাসী। কোনোবাই যদি ড্ৰাগছৰ আসক্তিৰ কৱলত পৰি হত্যাৰ দৰে অপৰাধ সংঘটিত কৰিছে। আন কোনোবাই আকৌ ধন-সম্পত্তিৰ লালসাত কাৰোবাক হত্যা কৰিছে,আন কোনোবাই পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে হত্যা কৰিছে আত্মীয়ক। আন কোনোৱে আকৌ প্ৰেম জনিত কাৰণত হত্যাকাণ্ড সংঘটিত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও এতিয়ালৈ সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই।

এনকাউণ্টাৰৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছত ৰাজ্যখনত এনকাউণ্টাৰৰ ঘটনাই শতকৰ ঘৰ পাৰ কৰিছে । অৱশ্যে আৰক্ষীৰ বহুকেইটা এনকাউণ্টাৰ ইতিমধ্যে ভুৱা বুলিও চিহ্নিত হোৱাৰ পিছতো অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত থমকি ৰোৱা নাই আৰক্ষীৰ গুলী। ইফালে, মহানগৰীত নিতৌ সংঘটিত ঘটনা সমূহে মহানগৰবাসীক চিন্তিত কৰি তুলিছে। আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত এনে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাত জনসাধাৰণে চৰম নিৰাপত্তাহীনতাত ভুগিছে। বিশেষকৈ অকলশৰে থকা বয়োজ্যেষ্ঠ ব্যক্তি সকল আৰু যুৱতী-মহিলা সকলে এতিয়া ভয়, উদ্বিগ্নতাৰে দিন কটাবলগীয়া হৈছে। ইফালে বাটে-পথে চিলনী চোৰৰ পৰা লুণ্ঠনকাৰীলৈ বিভিন্নজনে সাধাৰণ মানুহৰ সহজ জীৱন-যাপন কৰি তুলিছে দুৰ্বিষহ। প্ৰশ্ন উত্থাপন হৈছে মহানগৰীত কিমান সুৰক্ষিত মহানগৰবাসী?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...