পৱিত্ৰ অশোকাষ্টমীত যোগীঘোপাত লাখ লাখ ভক্তৰ সমাগম

আজি পৱিত্ৰ অশোকাষ্টমী। লাখ লাখ ভক্তৰ সমাগমেৰে যোগীঘোপাত বাট নেদেখা পৰিবেশ। অশোকাষ্টমী উপলক্ষে আয়োজন কৰা মেলা উপভোগ কৰিবলৈ দুৰ দুৰণিৰ লাখ লাখ লোকে কৰিছে ভিৰ। প্ৰবাদ অনুসৰি আজিৰ দিনটোতে গংগাৰ পৰশ পায় ব্ৰহ্মপুত্ৰ নদীয়ে। যাৰফলত ব্ৰহ্মপুত্ৰৰ পানী হৈ পৰে পৱিত্ৰ। বিভিন্নজনে মৃতকৰ পিণ্ডদান তথা অস্থি বিসৰ্জনৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হৈছে।

আনহাতে, মেলাথলিত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে আয়োজক সমিতিৰ লগতে জিলা প্ৰশাসনো সাজু হৈ থকা পৰিলক্ষিত হৈছে। বিগত দুবছৰে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে যোগীঘোপাত আয়োজন কৰা হোৱা নাছিল অশোকাষ্টমী মেলা।

এইবেলি তিনিদিনীয়াকৈ আয়োজন কৰা অষ্টমী মেলা পুৱাৰ ভাগত প্ৰতিকুল বতৰৰ বাবে সেৰেঙা হৈছিল যদিও বতৰ অনুকল হোৱাত ক্ৰমান্বয়ে যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছে। উল্লেখ্য যে, যোগীঘোপা অশোকাষ্টমী মেলা বছৰৰ পিছত ধৰি হিন্দু মুছলমান সকলোৱে মিলাপ্ৰীতিৰে আয়োজন কৰি সম্প্ৰীতিৰ এক অপুৰ্ব নিদৰ্শন দাঙি ধৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...