পৱিত্ৰ অশোকাষ্টমীত যোগীঘোপাত লাখ লাখ ভক্তৰ সমাগম

আজি পৱিত্ৰ অশোকাষ্টমী। লাখ লাখ ভক্তৰ সমাগমেৰে যোগীঘোপাত বাট নেদেখা পৰিবেশ। অশোকাষ্টমী উপলক্ষে আয়োজন কৰা মেলা উপভোগ কৰিবলৈ দুৰ দুৰণিৰ লাখ লাখ লোকে কৰিছে ভিৰ। প্ৰবাদ অনুসৰি আজিৰ দিনটোতে গংগাৰ পৰশ পায় ব্ৰহ্মপুত্ৰ নদীয়ে। যাৰফলত ব্ৰহ্মপুত্ৰৰ পানী হৈ পৰে পৱিত্ৰ। বিভিন্নজনে মৃতকৰ পিণ্ডদান তথা অস্থি বিসৰ্জনৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হৈছে।

আনহাতে, মেলাথলিত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে আয়োজক সমিতিৰ লগতে জিলা প্ৰশাসনো সাজু হৈ থকা পৰিলক্ষিত হৈছে। বিগত দুবছৰে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে যোগীঘোপাত আয়োজন কৰা হোৱা নাছিল অশোকাষ্টমী মেলা।

এইবেলি তিনিদিনীয়াকৈ আয়োজন কৰা অষ্টমী মেলা পুৱাৰ ভাগত প্ৰতিকুল বতৰৰ বাবে সেৰেঙা হৈছিল যদিও বতৰ অনুকল হোৱাত ক্ৰমান্বয়ে যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছে। উল্লেখ্য যে, যোগীঘোপা অশোকাষ্টমী মেলা বছৰৰ পিছত ধৰি হিন্দু মুছলমান সকলোৱে মিলাপ্ৰীতিৰে আয়োজন কৰি সম্প্ৰীতিৰ এক অপুৰ্ব নিদৰ্শন দাঙি ধৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...