স্থানীয় ৰে’লত যাত্ৰা কৰা ঘোঁৰাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

আপুনি হয়তো ৰে’লত মানুহ অথবা বিভিন্ন সামগ্ৰী কঢ়িওৱাৰ কথাহে শুনিছে। পিছে ঘোঁৰাই ৰে’লত যাত্ৰা কৰাৰ কথা কেতিয়াবা শুনিছেনে? ৰে’লত যাত্ৰা কৰা এটা ঘোঁৰাৰ আলোকচিত্ৰ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ফটোখনে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। স্থানীয় ৰে’লত ভ্ৰমণ কৰা ঘোঁৰাটোৰ আলোকচিত্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ৰে’ল কৰ্তৃপক্ষই এই আলোকচিত্ৰখনৰ সত্য পৰীক্ষা কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়ে। ফটোখনত, ঘোঁৰাটোক মালিকৰ কাষত এখন জনবহুল স্থানীয় ৰে’লত থিয় হৈ থকা দেখা গৈছে৷ খবৰ অনুসৰি, ঘটনাটো শিয়ালদাহ-ডায়মণ্ড হাৰ্বাৰ ডাউন স্থানীয় ৰে’লত গৈছে এই দৃশ্য।

জানিবপৰা অনুসৰি ঘোঁৰাটোৱে দক্ষিণ ২৪ পৰগণাৰ বাৰুইপুৰত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উভতি আহিছিল। আলোকচিত্ৰখন স্থানীয় ৰে’লৰ চিয়ালদাহ-ডায়মণ্ড হাৰ্বাৰত তোলা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...