দিল্লী-মস্কো বিমান সেৱা বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই!

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে দিল্লী-মস্কো বিমান। এক বিশেষ সূত্ৰ অনুসৰি
জানিব পৰা গৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ফলত বিমান চলাচল কৰাত ভাবুকিৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাইছে। আনহাতে বিমানখনৰ এতিয়াও বীমা কভাৰেজ সুৰক্ষিত হোৱা নাই।

জানিব পৰা মতে, বুধবাৰে দিল্লীৰ পৰা মস্কোলৈ অহা আৰু উভতি যোৱা বিমানৰ টিকট প্ৰদান বন্ধ কৰিছে। লগতে এই সময়ত এয়াৰলাইনৰ বিমানসমূহ ৰাছিয়ালৈ যাবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ সম্পূৰ্ণ ঘূৰাই পাব বুলিও জনাইছে এয়াৰলাইন কতৃপক্ষই। অবশ্যে মস্কোলৈ যাব বিচৰা বা মস্কোৰ পৰা আহিব বিচৰা যাত্ৰীসকলে তাচখণ্ড, ডুবাই, দোহা, আবুধাবি, ইস্তানবুল আদি বিকল্প পথৰ ব্যবহাৰ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...