আলফাৰ নামত কাজিৰঙাৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰা অভিযোগত ২জনক গ্ৰেপ্তাৰ

আলফাৰ নামত কাজিৰঙাৰ হালধীবাৰীৰ বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীক ধনদাবী কৰিবলৈ অহাৰ অভিযোগত পুনৰ আন ২জন যুৱকক গ্ৰেপ্তাৰ। পুৱতি নিশা কাজিৰঙাৰ বুঢ়ীমাই মন্দিৰৰ সমীপৰ পৰা যুৱকদুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান বাগৰী আৰক্ষী চকীত ৰখা হৈছে যুৱক দুজনক। বৃহস্পতিবাৰে নিশা ৰঞ্জিত অসম নামেৰে ধনদাবী কৰি ধন নিবলৈ আহোতে আৰক্ষীৰ জালত পৰিছিল এজন লোক। গোলাঘাটৰ SP, বোকাখাতৰ SDPO ৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি গ্ৰেপ্তাৰ কৰিছিল যুৱকজনক। আনকি আৰক্ষীয়ে অভিযানত দুষ্কৃতিকাৰীলৈ তিনিজাইকৈ গুলীচালনাও কৰিছিল। আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আন দুজন যুৱক। কিন্তু আজি পুৱতিনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলায়ন কৰি যুৱকদুজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...