কিয় বজাৰলৈ যাব ভয় কৰে সাধাৰণ জনতাই?

ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধ, বিদ্যুতৰ নিৰিখ আৰু পেট্ৰ’ল-ডিজেল, কেৰাচিনৰ দাম। বজাৰৰ জুইত দগ্ধ জনতাই হাহাকাৰ কৰি ফুৰিছে। ইপিনে ১৭ দিনত ১০ টকাৰো অধিক বৃদ্ধিৰ পিছত ১৩ পইচা কমিল পেট্ৰ’লৰ দাম। বৃহস্পতিবাৰে অসমত পেট্ৰ’লৰ গড় দাম ১০৬.২৬ টকা আৰু গড় হিচাপত ডিজেলৰ দাম ৯১.৯৬ টকা। ডিজেলৰ দামো প্ৰতিলিটাৰত কমিছে ১২ পইচাকৈ। কিন্তু এই ১২, ১৩ পইচাৰ কম দামে ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপালায়। ৰাইজে প্ৰতিলিটাৰ পেট্ৰ’লৰ বাবে ১০০ টকীয়া নোটখনতকৈও অধিক দামেই দিব লাগিব। সমান্তৰালকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে কঙালীত পৰিণত কৰিছে এইবেলিৰ ৰঙালী বিহু। পৰিয়ালসহ বজাৰলৈ যাবলৈ ভয় গৃহস্থৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...