কিয় বজাৰলৈ যাব ভয় কৰে সাধাৰণ জনতাই?

ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধ, বিদ্যুতৰ নিৰিখ আৰু পেট্ৰ’ল-ডিজেল, কেৰাচিনৰ দাম। বজাৰৰ জুইত দগ্ধ জনতাই হাহাকাৰ কৰি ফুৰিছে। ইপিনে ১৭ দিনত ১০ টকাৰো অধিক বৃদ্ধিৰ পিছত ১৩ পইচা কমিল পেট্ৰ’লৰ দাম। বৃহস্পতিবাৰে অসমত পেট্ৰ’লৰ গড় দাম ১০৬.২৬ টকা আৰু গড় হিচাপত ডিজেলৰ দাম ৯১.৯৬ টকা। ডিজেলৰ দামো প্ৰতিলিটাৰত কমিছে ১২ পইচাকৈ। কিন্তু এই ১২, ১৩ পইচাৰ কম দামে ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপালায়। ৰাইজে প্ৰতিলিটাৰ পেট্ৰ’লৰ বাবে ১০০ টকীয়া নোটখনতকৈও অধিক দামেই দিব লাগিব। সমান্তৰালকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে কঙালীত পৰিণত কৰিছে এইবেলিৰ ৰঙালী বিহু। পৰিয়ালসহ বজাৰলৈ যাবলৈ ভয় গৃহস্থৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...