ব্ৰহ্মো’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰাৰ আগতে ভাৰতে লৈছে নেকি ৰুছিয়াৰ অনুমতি?

ভাৰত চৰকাৰে ফিলিপাইছ চৰকাৰৰৰ সৈতে ক্ষেপনাস্ত্ৰ বিক্ৰীৰ এক চুক্তি স্বাক্ষৰ কৰিছে। ভাৰত চৰকাৰে ইয়াৰ ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিব বিচাৰিছে ফিলিপাইনছক। ভাৰত-ৰুছৰ যৌথ উদ্যোগত বিকশিত হোৱা ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ফিলিপাইনছক বিক্ৰী কৰিব ভাৰতে। এনে সময়তে প্ৰশ্ন উত্থাপিত হৈছে ভাৰতে ৰুছিয়াক সুধিহে ফিলিপাইনছক ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ দিছে নেকি? ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবেই ভাৰতে ফিলিপাইনছক ব্ৰাহ্ম’ছ ক্ষেপনাস্ত্ৰ বিক্ৰী কৰিব নেকি? ফিলিপাইনছত থকা ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে ৰুচ-ইউক্ৰেইন যুদ্ধৰ মাজত ভাৰত-ফিলিপাইনছৰ প্ৰতিৰক্ষা চুক্তিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁ কৈছে যে,যদিও ব্ৰহ্মো’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰ ভাৰত আৰু ৰুছিয়া দুয়োৰে সহযোগত তৈয়াৰ কৰা হৈছে চুক্তি স্বাক্ষৰ হৈছে ভাৰত আৰু ফিলিপাইনছৰ মাজত হে। অনন্ত কেন্দ্ৰৰ দ্বাৰা আয়োজিত,”The Philippines: India’s new Indo-Pacific partner”শীৰ্ষক এক আলোচনাচক্ৰত তেওঁ কয় যে, ফিলিপাইনছৰ প্ৰতিৰক্ষা সচিব লৰেঞ্জনাই ব্ৰহ্মো’ছৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁ কৈছে যে, ভাৰতে ব্য়াপকভাবে ইয়াৰ ব্য়বহাৰো কৰে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে,যিহেতু ভাৰতে ব্ৰহ্মো’ছ ৰুছিয়াৰ সহযোগত তৈয়াৰ কৰে। ভাৰতে ফিলিপাইনছৰ ,সৈতে হোৱা চুক্তিৰ পূৰ্বেই অৱগত কৰিছিল নেকি ৰুছিয়াক? আনহাতে, ভাৰতৰ প্ৰতিৰক্ষা বিশেষজ্ঞ ৰাহুল বেদীয়ে কয় যে, ব্ৰহ্মো’ছ চুক্তি হোৱাৰ আগতেই ভাৰত আৰু ৰুছিয়াৰ মাজত বৌদ্ধিক অধিকাৰক লৈ বাৰ্তালাপ হৈছিল ।

কুমাৰনে লগতে কয় যে ভাৰতৰ পৰা ব্ৰহ্মোছ ক্ৰয় কৰাৰ সিদ্ধান্তটো শীৰ্ষ পৰ্যায়ত লোৱা এক ৰাজনৈতিক সিদ্ধান্ত। দুয়োখন দেশৰ ৰাজনৈতিক বুজাবুজিয়ে চুক্তিখন সফল কৰি তুলিছে। ভাৰত আৰু ফিলিপাইনছৰ মাজত হোৱা ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ষেপনাস্ত্ৰৰ প্ৰথমখন চুক্তি যোৱা বছৰ মাৰ্চত স্বাক্ষৰিত হৈছিল, দ্বিতীয় চুক্তিখন নৱেম্বৰত স্বাক্ষৰিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰীতো চুক্তি এখন স্বাক্ষৰিত হৈছিল।

বৰ্তমানেও ভাৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। দেশখনে বেছিভাগ অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে বৰ্তমানসময়ত ভাৰতে অস্ত্ৰ ৰপ্তানিৰ ওপৰত জোৰ দিবলৈ আৰম্ভ কৰিছে। ভাৰত-ফিলিপাইনছ ব্ৰহ্মো’ছ প্ৰতিৰক্ষা চুক্তিৰ মূল্য ৩৭৪ নিযুত ডলাৰ, যাক বৰ্তমান সময়লৈকে ভাৰতৰ সৰ্ববৃহৎ থলুৱা অস্ত্ৰ বিক্ৰয় সংক্ৰান্তীয় প্ৰতিৰক্ষাৰ চুক্তি বুলি গণ্য কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...