২০২১ বৰ্ষৰ ১১ জুনৰ জঘন্য অভয়াখুঁটি কাণ্ডৰ ৩জনক দোষী সাব্যস্ত

জঘন্য অভয়াখুঁটি কাণ্ডৰ ৩জনক দোষী সাব্যস্ত কৰে আদালতে। পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখক দোষী সাব্যস্ত। ৮ এপ্ৰিলত কোকৰাঝাৰ জিলা বিশেষ আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ। কোকৰাঝাৰ জিলা বিশেষ আদালতে আজি প্ৰদান কৰে অভয়াখুঁটি কাণ্ডৰ চূড়ান্ত ৰায়। প্ৰায় ৯ মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। হাবিৰ এজোপা গছত ওলোমাই থোৱা হৈছিল দুয়োৰে মৃতদেহ। ২০২১ বৰ্ষৰ ১১ জুনত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৭ অভিযুক্তক। ৭ অভিযুক্তৰ ৩ মূল অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত দাখিল কৰিছিল চাৰ্জশ্বীট। ৩ মূল অভিযুক্ত আছিল পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখ। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। ধৰ্ষণ আৰু হত্যাৰ বলি দুই কিশোৰীৰ মাতৃক ক্ষিপ্ৰ তদন্ত আৰু শীঘ্ৰ ন্যায়ৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে গোচৰটো সন্দৰ্ভত শুনানি সম্পূৰ্ণ হৈছিল বিশেষ আদালতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...