প্ৰথমবাৰলৈ হ্ৰাস পালে সুৰা পান কৰি ধৰা পৰাৰ জৰিমনা! ক’ত জানেনে?

সুৰা পান কৰি ধৰা পৰা সকলৰ বাবে প্ৰথমবাৰলৈ জৰিমনা হ্ৰাস কৰিলে বিহাৰ চৰকাৰে। এতিয়াৰে পৰা ২০০০পৰা ৫০০০ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিব লাগিব সুৰাপান কৰি ধৰা পৰা লোকে।

নিষিদ্ধকৰণ আইনৰ সংশোধনীত এই সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে। বিহাৰৰ যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে সুৰা পান কৰি ধৰা পৰিব তেওঁলোকক জৰিমনা পৰিশোধ কৰাৰ পাছত মুকলি কৰি দিয়া হ’ব। আৰু বিধানসভাৰ বাজেট অধিবেশনত গৃহীত হোৱা সংশোধনীখনত জৰিমনাৰ পৰিমাণৰ বিৱৰণ দিয়া হোৱা নাছিল।

সোমবাৰে বিহাৰৰ ৰাজ্যিক কেবিনেটে নতুন জৰিমনাৰ অনুমোদন জনায় আৰু প্ৰথমবাৰৰ বাবে সুৰা পান কৰা সকলৰ বাবে ২০০০ৰ পৰা ৫০০০হাজাৰ টকাৰ ভিতৰত জৰিমনা পৰিশোধ কৰিলেহে মুকলি কৰি দিয়া হ’ব। ২০১৮ চনৰ সংশোধনীৰ অনুসৰি দোষীৰ বাবে জৰিমনা আছিল ৫০০০০ টকা।

আনহাতে, যদি কোনোবা অপৰাধীয়ে জৰিমনা পৰিশোধ কৰাত বিফল হয়, তেন্তে তেওঁলোকৰ এমাহৰ কাৰাবাস হ’ব পাৰে। তাৎপৰ্যপূৰ্ণভাৱে, উচ্চতম ন্যায়ালয়ে আদালতত সুৰাৰ গোচৰ, বিশেষকৈ জামিন সম্পৰ্কীয় গোচৰ ৰুজু কৰাৰ বাবে ৰাজ্যখনক তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

আৰু শেষত ৰাজ্য চৰকাৰে নতুন সংশোধনী প্ৰণয়ন কৰে আৰু জৰিমনাৰ পৰিমান হ্ৰাস কৰে। যাতে বিহাৰৰ সাধাৰণ জনতাৰ আইনী ব্যবস্থাত সুৰাৰ গোচৰত অত্যাধিক বোজা নাথাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...