শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সময়ত মন্ত্ৰীসভাই কৰিলে পদত্যাগ!

শ্ৰীলংকাৰ অৰ্থনৈতিক মন্দাবস্থাৰ সময়তে তাৎক্ষণিকভাৱে ২৬জন মন্ত্ৰীয়ে পদত্যাগ কৰে। শিক্ষা মন্ত্ৰী তথা সদনৰ নেতা দিনেশ গুণৱাৰ্দনায়ে কয় যে ক্ৰীড়া মন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ ভতিজা নমাল ৰাজপাক্ষেকে ধৰি কেবিনেট মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাকচাক তেওঁলোকৰ পদত্যাগপত্ৰ প্ৰদান কৰে।

দেওবাৰে শ্ৰীলংকাৰ পশ্চিম প্ৰদেশত কাৰফিউ উলংঘা কৰাৰ বাবে আৰু দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰতিবাদত চৰকাৰ বিৰোধী সমদল অনুষ্ঠিত কৰাৰ চেষ্টা কৰাৰ বাবে ৬০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

সাজিথ প্ৰেমাদাছাৰ নেতৃত্বত বিৰোধী আইন প্ৰণেতাসকলে দেওবাৰে পৰিকল্পিত প্ৰতিবাদৰ পূৰ্বে শনিবাৰে চৰকাৰে জাৰি কৰা কাৰফিউক অস্বীকাৰ কৰি কলম্বোৰ প্ৰতিষ্ঠিত স্বাধীনতা স্কোৱেৰৰ অভিমুখে এক পদযাত্ৰা আৰম্ভ কৰিছিল। আৰু অৰ্থনৈতিক সংকটৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ বাবে মানুহৰ ওপৰত হোৱা কষ্টৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ কৰ্মীসকলে এই প্ৰতিবাদৰ আয়োজন কৰিছিল। দেওবাৰে হোৱা প্ৰতিবাদত পশ্চিম প্ৰদেশত মুঠ ৬৬৪জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে, শ্ৰীলংকা চৰকাৰে দেওবাৰে দেশজুৰি ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছতে হোৱাটছএপ, টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। এজন বিষয়াই জনোৱা অনুসৰি ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম, স্নেপচ্যাট, হোৱাটছএপ, টেলিগ্ৰাম আৰু ফেচবুক মেচেঞ্জাৰৰ সেৱা ১৫ ঘণ্টাৰ পিছত পুনৰুদ্ধাৰ কৰা হয়।

চৰকাৰী মিত্ৰজোঁটৰ দলসমূহে দেশখনক অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰ কৰিব বাবে অতি শীঘ্ৰেই তত্বাৱধায়ক কেবিনেট নিয়োগ কৰিবলৈ দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...