৩৬ ঘণ্টাৰ কাৰ্ফিউৰ মাজতে ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি, ক’ত জানেনে?

শুকুৰবাৰে, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা শ্ৰীলংকাত তাৎক্ষণিকভাৱে ঘোষণা কৰে জৰুৰীকালীন অৱস্থা আৰু আজিৰে পৰা জাৰি কৰিছে ছ’চিয়েল মেডিয়া ব্লেকআউট।

সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, বৰ্ধিত অৰ্থনৈতিক সংকট আৰু মানুহৰ মাজত অস্থিৰতাৰ বাবে শ্ৰীলংকা চৰকাৰে ৩ এপ্ৰিল, দেওবাৰৰ মাজনিশাৰ পৰা দেশজুৰি ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি কৰিছে। দেশখনত চলি থকা ৩৬ ঘণ্টাৰ কাৰ্ফিউৰ মাজতে এই পদক্ষেপ লৈছে শ্ৰীলংকা চৰকাৰে। ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, স্নেপচ্যাট, টিকটক আৰু ইনষ্টাগ্ৰামকে ধৰি প্ৰায় দুই ডজন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লেকআউট কৰা হৈছে।

নেটব্লকৰ টুইটৰ মতে ৰিয়েল-টাইম নেটৱৰ্কৰ তথ্য আনুসৰি শ্ৰীলংকাৰ দেশজুৰি ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি কৰিছে, যাৰ ফলত টুইটাৰ, ফেচবুক, হোৱাটছএপ, ইউটিউব আৰু ইনষ্টাগ্ৰামকে ধৰি সকলো ছ’চিয়েল মেডিয়া প্লেটফৰ্মসমূহৰ প্ৰৱেশাধিকাৰ সীমিত হৈ আছে। কিয়নো ব্যাপক প্ৰতিবাদৰ মাজত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

দেওবাৰৰ পৰিকল্পিত প্ৰতিবাদৰ আগতে দ্বীপৰাষ্ট্ৰখনে শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত ৩৬ ঘণ্টাৰ কাৰ্ফিউ ঘোষণা কৰিছিল কাৰণ দেশখনত তীব্ৰ বিদ্যুৎ সংকট আৰু বৰ্ধিত মুদ্ৰাস্ফীতিয়ে দেখা দিছিল। লণ্ডনস্থিত অধিকাৰ নিৰীক্ষকে শনিবাৰে শ্ৰীলংকা চৰকাৰক সতৰ্ক কৰি দিছিল আৰু ৰাজহুৱা নিৰাপত্তাৰ নামত দ্বীপৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো যাতে মানৱ অধিকাৰ উলংঘনৰ অজুহাত হ’ব নালাগে।

শুকুৰবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা শ্ৰীলংকাত তাৎক্ষণিক ভাৱে ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰে আৰু ৩ এপ্ৰিলৰ মাজনিশাৰ পৰা ছ’চিয়েল মেডিয়া ব্লেক আউট ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...