শিশুৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ কি কি কৰিব অভিভাৱকে?

এটি শিশুৰ বৰ্ধিত ওজনক লৈ বৰ্তমান বহু অবিভাৱক চিন্তিত হোৱা দেখা যায়। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে সন্তানৰ ওজন নিয়ন্ত্রণত কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে।

১. পানী
অভিভাৱক সকলে শিশুসকলক দিনটোত কমেও ১০ ৰ পৰা ১২ গিলাচ পানী সেৱন কৰাৰ বাবে অভ্যাস কৰাব লাগে। সন্তানক কওঁক যে যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে। আৰু, পানীৰ অভাৱ পূৰাই ৰাখিলে শৰীৰ কেৱল হাইড্ৰেটেড হৈ থকাই নহয়, ওজনও নিয়ন্ত্ৰণত থাকিব।

২. শাৰীৰিক কাৰ্যকলাপ কৰাওক
এটি শিশুক শাৰীৰিক কাৰ্যকলাপ কৰোৱাটো অতিকৈ প্ৰয়োজনীয়। অভিভাৱক সকলে শিশু সকলক শাৰীৰিক ব্যাম, কাৰাটে, নৃত্য আদি বিভিন্ন কাৰ্যকলাপ কৰাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ শিশুসকলৰ শৰীৰ সক্ৰিয় হৈ থাকিব।

৩. টোপনি
শিশুসকলৰ বৰ্ধিত ওজনৰ আন এটা মুখ্য কাৰণ হৈছে সময়মতে টোপনি নোযোৱা। বৰ্তমানৰ শিশুসকলে অধিক সময় ফোন, লেপটপত অতিবাহিত কৰে। যাৰ বাবে তেওঁলোকৰ পৰ্যাপ্ত নহয়। পৰ্যাপ্ত টোপনি নোহোৱাৰ বাবে শিশুৰ ভোকৰ ক্ষেত্ৰটো প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত শিশুসকল মেদবহুলতাৰ ভুক্তভোগী হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...