শিশুৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ কি কি কৰিব অভিভাৱকে?

এটি শিশুৰ বৰ্ধিত ওজনক লৈ বৰ্তমান বহু অবিভাৱক চিন্তিত হোৱা দেখা যায়। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে সন্তানৰ ওজন নিয়ন্ত্রণত কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে।

১. পানী
অভিভাৱক সকলে শিশুসকলক দিনটোত কমেও ১০ ৰ পৰা ১২ গিলাচ পানী সেৱন কৰাৰ বাবে অভ্যাস কৰাব লাগে। সন্তানক কওঁক যে যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে। আৰু, পানীৰ অভাৱ পূৰাই ৰাখিলে শৰীৰ কেৱল হাইড্ৰেটেড হৈ থকাই নহয়, ওজনও নিয়ন্ত্ৰণত থাকিব।

২. শাৰীৰিক কাৰ্যকলাপ কৰাওক
এটি শিশুক শাৰীৰিক কাৰ্যকলাপ কৰোৱাটো অতিকৈ প্ৰয়োজনীয়। অভিভাৱক সকলে শিশু সকলক শাৰীৰিক ব্যাম, কাৰাটে, নৃত্য আদি বিভিন্ন কাৰ্যকলাপ কৰাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ শিশুসকলৰ শৰীৰ সক্ৰিয় হৈ থাকিব।

৩. টোপনি
শিশুসকলৰ বৰ্ধিত ওজনৰ আন এটা মুখ্য কাৰণ হৈছে সময়মতে টোপনি নোযোৱা। বৰ্তমানৰ শিশুসকলে অধিক সময় ফোন, লেপটপত অতিবাহিত কৰে। যাৰ বাবে তেওঁলোকৰ পৰ্যাপ্ত নহয়। পৰ্যাপ্ত টোপনি নোহোৱাৰ বাবে শিশুৰ ভোকৰ ক্ষেত্ৰটো প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত শিশুসকল মেদবহুলতাৰ ভুক্তভোগী হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...