কবিতাৰ শিৰোনাম ‘ৰাজসভা’, ৰাজনীতিৰ পৰা সাহিত্য জগতত খোপনি পুতিছে ভূপেন বৰাই!

‘মই ফায়াৰ বিগ্ৰেড’ শীৰ্ষক বহুচৰ্চিত কবিতাৰ পিছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাজনৈতিক জীৱনৰ দ্বিতীয়টো কবিতা উন্মোচন কৰে ৷ দ্বিতীয়টো কবিতাৰ শিৰোনাম- ‘ৰাজসভা’। প্ৰথমটো কবিতাক লৈ ব্যাপক চৰ্চাৰ পিছত দ্বিতীয়টো কবিতাক লৈ আশাবাদী কংগ্ৰেছ সভাপতিগৰাকী। কি আছে কবিতাটোত?

>>ৰাজসভা

প্ৰথমতে কথা, শেষত গতা ,
কথাটো আছে মজা !!
কাৰণ
গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, নীতি, নৈতিকতা
বিবেকৰ দৰে বৈচিত্ৰময়বিশাল শদ্বৰ গাঁথা!!

বিৰোধী ঐক্য লাগে,
ঐক্যৰ বাবে পঞ্জীয়নৰ মাচুল নালাগে!!

বিৰোধীৰ অনৈক্য লাগে,
কাৰণ
অনৈক্যৰ মাজত আছে NIAৰ অফাৰ,
সুগন্ধীৰ বজাৰ,
হেডচাৰৰ প্ৰচাৰ,
কোনেও নকৰে মোক বিমুখ এইবাৰ!!

নীতি, আৰ্দশ, বিবেক, গণতন্ত্ৰ,
ধৰ্ম নিৰপেক্ষতা কেৱল শব্দ মালা,
CID, ED, NIAৰ কান্ধত উঠি
লক্ষী মাতাই দেখুৱালে ৰাজসভাৰ অপূৰ্ব লীলা!!

ধোৱা তুলসীৰ পাত হৈ ৰ’ল,
ক্ৰেতা-বিক্ৰেতা!!
নিঃশব্দে নিঃপালি দিছে,
সজাগ জনতা!!
ঢৌ খেলি মাৰ গৈছে
খবৰৰ দাতা !!

প্ৰথমতে কথা, শেষত গতা,
কথাতো আছে মজা!!

শ্ৰী ভূপেন কুমাৰ বৰা
০২-০৪-২০২২

উল্লেখ কৰিব পাৰি যে, ইয়াৰ পূৰ্বৰ ‘মই ফায়াৰ বিগ্ৰেড’ক লৈ বিজেপিয়ে সমালোচনা কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছিল ভূপেন বৰাক। ভূপেন বৰাক ইতিকিং কৰাৰ লগতে মৌলিকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল একাংশই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কাৰোবাক ‘মিঞা-টিঞা’, ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়: উচ্চতম ন্যায়ালয়

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে, কাৰোবাক ‘মিঞা-টিঞা’ বা...

৩ শিক্ষকে অপহৰণ কৰিলে পৰীক্ষা দিবলৈ যোৱা শিক্ষার্থীক

উত্তৰ প্ৰদেশৰ বালিয়াত সংঘটিত হৈছে এক শিহৰণকাৰী অপহৰণ কাণ্ড।...

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস। মহিলাৰ বেগৰ পৰা...

দুজন মানুহৰ জীৱনৰ মূল্য ২০ হাজাৰ টকা!

কেৱল ধন-সম্পত্তিৰ মোহত বন্দী একাংশৰ বাবে যেন নোহোৱা হৈছে...