ইছমাইল হোছেইনৰ এখন গ্ৰন্থক লৈ ৰাজ্যজুৰি বিতৰ্ক, কি আছে গ্ৰন্থখনত?

ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ গ্ৰন্থক লৈ শেহতীয়াভাবে বিতৰ্কৰ মাজত সোমাই পৰিছে ইছমাইল হুছেইন। সুধী সমাজৰ মাজত এক পৰিচিত নাম ইছমাইল হুছেইন। চৰ অঞ্চলত বিহু জনপ্ৰিয় কৰা, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে হুছেইনে।

বিহু আৰু সামাজিক বিষয়ক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে হুছেইনে। শেহতীয়াভাবে ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ শীৰ্ষক গ্ৰন্থখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰখ্যাত লেখক তথা অধ্যাপক আৰু সমাজকৰ্মীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ আইটি চেলে।

একাংশৰ মতে- ইছমাইল হোছেইন গাধ, বিহুনামত আল্লা কৰ পৰা আহিল?
ইছমাইল হুছেইনক পাবত গজা আখ্যা একাংশৰ। বিহুৰ বিশেষজ্ঞ কমিটীৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুক বহিষ্কাৰৰ দাবী সামাজিক মাধ্যমত।


বিভিন্ন বিতৰ্কিত ফটো আপলোড কৰি একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে লেখকগৰাকীক। উল্লেখ্য যে, সমাগত ৰঙালী বিহু। বাপতি সাহোন বিহুৰ প্ৰাক্ক্ষণত বিহুক লৈ এনে বিতৰ্ক নিশ্চয় কাৰো কাম্য নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...