চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা, হাহাকাৰ পৰিস্থিতি

দেউলীয়া শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা। ৰাষ্ট্ৰপতি ৰাজাপাকছাই শুকুৰবাৰে দেশখনত ঘোষণা কৰে জৰুৰী অৱস্থা। দ্বীপৰাষ্ট্ৰত চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা। চৰকাৰৰ ভুল নীতিৰ বাবেই ভয়ংকৰ বিত্তীয় সংকটত দ্বীপৰাষ্ট্ৰখন।

দেউলীয়া শ্ৰীলংকাত খাদ্য, খোৱাপানীৰ ভয়ংকৰ সংকট। ইন্ধনৰ সমান্তৰালকৈ বিদ্যুতৰ নাটনিত দৈনিক ১৩ ঘণ্টাকৈ হৈছে লোডশ্বেডিং। অত্যধিক ঋণ নিৰ্ভৰশীলতা আৰু ভুল বৈদেশিক নীতিৰ বাবে তীব্ৰ সংকটত শ্ৰীলংকা। ৰাজাপাকছা চৰকাৰৰ বিৰুদ্ধে অব্যাহত শ্ৰীলংকাৰ নাগৰিকৰ বিক্ষোভ।

ৰাষ্ট্ৰপতিৰ বাসগৃহ ঘেৰাও কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ। জনতাৰ এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে অৱশেষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...