শ্বহীদলৈ সন্মান, স্থাপন কৰা হ’ব ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি

নগাঁৱৰ জামুগুৰিত স্থাপন কৰা হ’ব ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তথা মন্ত্ৰী পীযূষ হাজৰিকাৰ তত্বাৱধানত আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদ মনবৰ নাথৰ জন্মভূমি নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত প্ৰতিষ্ঠা কৰা হ’ব এই প্ৰতিমূৰ্তি। তদুপলক্ষে শুকুৰবাৰে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ আধাৰশিলা স্থাপন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে। অনুষ্ঠানত যোগী সন্মিলনীৰ বিষয়ববীয়া, নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে। উল্লেখ্য যে, ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত তেজপুৰৰ ঢেকীয়াজুলিত ইংৰাজৰ গুলীত শ্বহীদ হৈছিল নগাঁৱৰ জামুগুৰিৰ মনবৰ নাথ। অখ্যাত হৈ থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নাথ যোগী ছাত্ৰ সন্থাই দাবী জনাই আহিছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবে সেয়া সম্ভৱ হ’ল বুলি মন্তব্য কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে। লগতে শ্বহীদ মনবৰ নাথৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈও দাবী উত্থাপন কৰে। চৰকাৰী অৰ্থসাহায্যত ইতিমধ্যে প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় ১০ শতাংশ কৰ্মচাৰী কৰ্তনৰ সিদ্ধান্ত উবেৰৰ: সংস্থাপন হেৰুৱাব হাজাৰ হাজাৰ লোকে

বিশ্বৰ আগশাৰীৰ ৰাইড-শ্বেয়াৰিং তথা প্ৰযুক্তি প্ৰতিষ্ঠান উবেৰে (Uber) বিশ্বজুৰি...

গৌতম গম্ভীৰ নহয়, এছিয়ান গেমছত ভাৰতীয় দলৰ দায়িত্বত VVS লক্ষ্মণ

আগন্তুক এছিয়ান গেমছ ২০২৬ত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য...

আত্ম প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ আন এক সফলতা। স্বদেশী গ্লাইড বোমাৰ সফল পৰীক্ষণ

আত্ম প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ আন এক সফলতা। স্বদেশী গ্লাইড...

ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি: কিদৰে লাভান্বিত হ’ব ভাৰত?

ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি : ভাৰতীয় ৰপ্তানিত ১০০% শূন্য...