শ্বহীদলৈ সন্মান, স্থাপন কৰা হ’ব ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি

নগাঁৱৰ জামুগুৰিত স্থাপন কৰা হ’ব ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তথা মন্ত্ৰী পীযূষ হাজৰিকাৰ তত্বাৱধানত আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদ মনবৰ নাথৰ জন্মভূমি নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত প্ৰতিষ্ঠা কৰা হ’ব এই প্ৰতিমূৰ্তি। তদুপলক্ষে শুকুৰবাৰে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ আধাৰশিলা স্থাপন কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে। অনুষ্ঠানত যোগী সন্মিলনীৰ বিষয়ববীয়া, নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে। উল্লেখ্য যে, ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত তেজপুৰৰ ঢেকীয়াজুলিত ইংৰাজৰ গুলীত শ্বহীদ হৈছিল নগাঁৱৰ জামুগুৰিৰ মনবৰ নাথ। অখ্যাত হৈ থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নাথ যোগী ছাত্ৰ সন্থাই দাবী জনাই আহিছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবে সেয়া সম্ভৱ হ’ল বুলি মন্তব্য কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে। লগতে শ্বহীদ মনবৰ নাথৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈও দাবী উত্থাপন কৰে। চৰকাৰী অৰ্থসাহায্যত ইতিমধ্যে প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...