IAS টিনা ডাবিয়ে বিচাৰি পালে জীৱনসংগী, দৰা কোন জানেনে?

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ মাজত চৰ্চিত এক নাম টিনা ডাবি। ২০১৫ বৰ্ষৰ UPSC পৰীক্ষাৰ টপাৰ টিনা ডাবি পুনৰ এবাৰ চৰ্চালৈ আহিছে। ৰাজস্থানৰ বিত্ত মন্ত্ৰণালয়ৰ যুটীয়া সচিব ২৮ বছৰীয়া টিনাই দ্বিতীয় বিবাহৰ বাবে সাজু হৈছে। IAS বিষয়া প্ৰদীপ গৱাণ্ডেৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব। গৱাণ্ডে বৰ্তমান ৰাজস্থান আৰ্কিঅলজী এণ্ড মিউজিয়ামৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে। ছচিয়েল মিডিয়াত এক্টিভ টিনা ডাবিয়ে ইতিমধ্যে সুখবৰ শ্বেয়াৰ কৰিছে। মই এই হাঁহি পিন্ধি আছো, যি তুমি বিলাই আছা বুলি কেপচন দি দুয়োৰে ৰঙা পোছাক পৰিহিত ফটো আপলোড কৰিছে। উল্লেখ্য যে, ২২ এপ্ৰিলত দুয়োৰে বিয়াৰ ৰিচেপচনৰ আয়োজন কৰিছে। জয়পুৰৰ এখন হোটেলত বিশেষ অতিথিৰ উপস্থিতিত সম্পন্ন হব আড়ম্বৰপূৰ্ণ অনুষ্ঠান।

মন কৰিবলগীয়া যে, ২০১৮ চনত IAS বিষয়া অতহৰ আমিৰৰ সৈতে বিবাহ হৈছিল যদিও দুয়োৰে বিবাহিত জীৱন সফল নহল। দুবছৰৰ পিছতে ২০২০ চনত জয়পুৰৰ এখন ফেমিলী কৰ্টত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। ২০২১ চনৰ আগষ্ট মাহত আনুষ্ঠানিকভাবে দুয়োগৰাকীয়ে সম্পূৰ্ণ পৃথক বুলি ঘোষণা কৰে। উল্লেখ্য যে, ২০১৫ চনত সৰ্বভাৰতীয় পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল টিনা ডাবিয়ে। সেই সময়ৰ প্ৰেমিক তথা প্ৰথম স্বামী অতহৰে দ্বিতীয় স্থান দখল কৰিছিল। মধ্যপ্ৰদেশৰ ভূপালত টিনা ডাবিয়ে জন্মগ্ৰহণ কৰিছিল যদিও বৰ্তমান টিনাৰ পৰিয়াল জয়পুৰৰ আৱাসী। বয়সত ১৩ বছৰ ডাঙৰ IAS বিষয়াগৰাকীৰে টিনাই আৰম্ভ কৰিব নতুন জীৱন।

NKTV Digital
Author: NKTV Digital

393 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...