ফতৌ বস্তিলৈ ইউৰিয়া সৰবৰাহৰ অপচেষ্টা, জালত ৩জন

ধনশিৰি মহকুমাৰ চুঙাজানত জব্দ অবৈধ ইউৰিয়া ভৰ্তি এখন বাহন । বাহনখনৰ নম্বৰ AS 02 CC 8579 ৷ বাহন খন গোলাঘাটৰ কমাৰবন্ধা পৰা অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ ইউৰিয়া খিনি সৰবৰাহ কৰোতেই চুঙাজান আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হয় ৭০ বস্তা ইউৰিয়া সহ আৰক্ষীয়ে আটক কৰে তিনিজন লোকক ৷ লোককেইজন ক্ৰমে মুস্তাফা ইছলাম ,বাবুল আলী আৰু অমিদুৰ ৰহমান ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ইউৰিয়াখিনি কমাৰবন্ধা শান্তি ষ্টৰৰ পৰা নিজৰ খেতিলৈ বুলি কিনি আনি বিক্ৰী কৰিবলৈ অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ আনি থকা অৱস্থাতেই আটক কৰে চুঙাজান আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে তিনিওজন লোককে আটক কৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...