ব্ৰেকে কাম নকৰিলে ট্ৰাকৰ, মহতিয়াই নিলে ৪খন দোকান

ৰহাত সংঘটিত হয় শিহৰণকাৰী দূৰ্ঘটনা। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী ১৪ চকীয়া ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৈ পথৰ কাষৰ চাৰি খন দোকান মহতিয়াই নিয়ে। NL 01 AA 9201 নম্বৰৰ ১৪ চকীয়া ট্ৰাকখন ৰহা নতুন চাৰিআলি পাওঁতেই ব্ৰেকৰ বিজুতি ঘটে আৰু চালকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাত ৰহাৰ নতুন চাাৰিআলিৰ পৰা বাৰপূজীয়া পথৰ ফালে সোমাই যায় আৰু পথৰ কাষত থকা চাৰিখন দোকান মহতিয়াই নিয়ে। অৱশ্যে দুৰ্ঘটনাটোত কোনো হতাহত নহ’ল যদিও এখন দোকানৰ ভিতৰত থকা এজন লোক কথমপিহে ৰক্ষা পৰে। দুৰ্ঘটনাটোত দোকান কেইখনৰ বহুলাখ টকাৰ বয়বস্তু নষ্ট হয় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...