বালিমাহীৰ কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীলৈ পদ্মশ্ৰী

ৰাজ্যবাসীলৈ কঢ়িয়ালে সুনাম। ২ অসম সন্তানে কঢ়িয়াই আনিলে আন এক গৌৰৱৰ ক্ষণ। ভাৰতৰ ১০৭গৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপক ব্যক্তিৰ লগতে উজলি উঠিল ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰী। নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে পদ্ম সন্মান। আনহাতে শকুন্তলা চৌধুৰীৰ পৰলোকপ্ৰাপ্তি ঘটাত তেখেতৰ হৈ সংগঠনৰ লোকে এই বঁটা গ্ৰহণ কৰে ৷

ইফালে এই বঁটা লাভ কৰি বালিমাহীৰ কবি ধনেশ্বৰ ইংতিয়ে কয়-পৰিৱৰ্তনশীল আধুনিক যুগত এখন পিছপৰা গাঁৱৰ পৰা আহি এজন সাধাৰণ মানুহ হিচাপে এনে বিৰল সন্মান পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ ৷ ই সমাজৰ বাবে এক নিদৰ্শন স্বৰূপ ৷ মানুহে মনপুতঃ আৰু অন্তঃকৰণেৰে যিকোনো বিষয়ত কাম কৰিলে এনে বিৰল সন্মান লাভ কৰিব পাৰে৷ জীৱনত কিবা এটা পাবৰ বাবে নহয়, কিবা এটা কৰি দেখুৱাবলৈ আৰু কাম কৰাৰ মানসিকতাৰে অগ্ৰসৰ হওক সকলো। ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুতো গণ্যমান্য ব্যক্তি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া...

পুখুৰীত পৰি থকা বাহনৰ ভিতৰত উদ্ধাৰ এটা মৃতদেহ

নলবাৰীৰ শোলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা বাহনৰ ভিতৰত...

শোকাৱহ! নাও ডুবি মৃত্যু ৭৮জন লোকৰ

পুনৰ সংঘটিত হ'ল আন এক শোকাৱহ ঘটনা। এইবাৰ বৃহৎ...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত প্ৰায় ৩০জনকৈ লোক

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ'ল উত্তৰাখণ্ড। দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰীৰ বাছ। দুৰ্ঘটনাত...