শশীকান্ত দাস চৰকাৰৰ মানুহ, মোৰ লগত সকলো বিধায়কৰে সম্পৰ্ক আছে : মুখ্যমন্ত্ৰী

দিল্লীলৈ যোৱাৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোটেল ৰেডিছন ব্লুত মিত্ৰজোঁটৰ বিধায়কৰে আলোচনাৰ অন্তত সংবাদ মাধ্য়মৰ আগত পুনৰবাৰ আত্মবিশ্বাসেৰে ঘোষণা কৰে-দুয়োখন আসনতে আমি জয়লাভ কৰিম। ইতিমধ্যেই সকলো চূড়ান্ত হৈ আছে। কেৱল দুয়োখন আসনতে জয়ী হোৱাই নহয়, আমি ভাল ভোট পাম বুলি মন্তব্য কৰে। আনহাতে, শ্বেৰমান আলী আহমেদৰ ভোট ল’লে মই নিজেই বদনামী হ’ব লাগিব। শ্বেৰমান আলীক ভোট দিবলৈ মই মানা কৰিছোঁ বুলি মন্তব্য কৰে। শ্বেৰমান আলীৰ ভোট আমাক নালাগে। একেদৰে AIUDFৰ ভোট আমাক নালাগে বুলি সদম্ভে ঘোষণা কৰে। আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস সন্দৰ্ভতো বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। শশীকান্ত দাস চৰকাৰৰ মানুহ। চৰকাৰী কামত তেখেত আহিবই। মোৰ লগত সকলো বিধায়কৰে সম্পৰ্ক আছে। তেওঁলোকে ফোন নকৰিলেও মই কৰোঁ। আজি ২৭ বছৰে মইহে তেওঁলোকৰ লগত আছোঁ বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...