আলফা (স্বাধীন)লৈ যোৱাৰ মন মেলি গ্ৰেপ্তাৰ হ’ল বাপ্পা

আলফা (স্বাঃ)ত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি ফেচবুকত পোষ্ট৷ শিলচৰত গ্ৰেপ্তাৰ বাপ্পা কুমাৰ নামৰ এগৰাকী যুৱক। আলফা (স্বাঃ)ত যোগদান কৰিম বুলি ফেচবুকত এটা নিউজ লিংক শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। শিলচৰ ইটাখলাৰ বাপ্পা কুমাৰ নামৰ যুৱকজনক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জে’ললৈ৷

জানিব পৰা মতে, ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰাৰ পাছত অসম আৰক্ষীৰ চাইবাৰ চেলৰ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ পাছতেই বাপ্পা কুমাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইপিনে ধৃত বাপ্পা কুমাৰ নামৰ যুৱকজন এইবাৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীর্ণ হৈছিল বুলি জানিব পৰা গৈছে আৰু নিযুক্তি প্ৰক্ৰিয়াৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ লিখিত পৰীক্ষাৰ সুযোগ পোৱা নাছিল যুৱকজনে আৰু এই বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত বাপ্পা কুমাৰসহ কেইবাজনো যুৱকে মুখ্যমন্ত্ৰীৰ সম্মুখতে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। অসম আৰক্ষীৰ যোগদানত বিফল হোৱাৰ বাবে হয়তো যুৱকজন আৱেগিক হৈ আলফা(স্বাঃ)ত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি পোষ্ট কৰিছে ফেচবুকত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...