কৃষকৰ বাবে ভাল খবৰ দিলে কৃষি মন্ত্ৰীয়ে

কৃষকৰ বাবে সুখৰ বতৰা। বোকাখাতত ১০০০ মেট্ৰিক টন শস্য মজুত ৰখাৰ ভঁৰাল গৃহ উন্মোচন। ১ কোটি ৬০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণৰ শুভাৰম্ভ। আজি কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ উৎপাদিত শস্য মজুত ৰাখিবৰ বাবে ১০০০ মেট্ৰিক টনৰ পৰিসৰৰ ভঁৰাল গৃহৰ দ্বাৰ মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ হ’ব লগা কৃষি জ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। বোকাখাতৰ কৃষকক সকাহ দিবৰ বাবে মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়টোৰ পৰিত্যক্ত অৱস্থাত থকা পুৰণা গৃহসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বোকাখাতত এটা শীতল ভঁৰাল নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ...

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ...

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...