দেশত 5G সেৱা আৰম্ভ হোৱাই নাই, জিঅ’ই আৰম্ভ কৰিলে 6Gৰ কাম

জিঅ’ই ভাৰতত 5Gৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বে 6Gৰ কাম আৰম্ভ কৰিছে। জিঅৰ অংশীদাৰ এষ্টনিয়াই 6G টেনলজীৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। জিঅ এষ্টনিয়াই অওলো বিশ্ববিদ্যালয়ৰ সৈতে একেলগে কাম আৰম্ভ কৰিছে। ইউনিভাৰ্চিটী অৱ অওলোৱে ভৱিষ্যতে ৱায়াৰলেছ এণ্ড টু এণ্ড চল্যুচনৰ ওপৰত কাম কৰি আছে। এৰিয়েল আৰু স্পেচ কমিউনিকেচন, হোলোগ্ৰাফিক বিমফাৰ্মিং, চাইবাৰ চিকিউৰিটী, মাইক্ৰ ইলেক্ট্ৰনিক আৰু ফটোনিক্সৰ ক্ষেত্ৰত 3D কন্টেক্ট ইণ্টেলিজেঞ্চক ব্যৱসায় আৰু অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষ মাত্ৰা প্ৰদান কৰিব। কেৱল ইমানেই নহয়, কনজিউমাৰ্ছ গুডছ, অটোমোটিভ আৰু ৱাইট গুডছ স্পেছৰ ক্ষেত্ৰত 6G ফিচাৰ থকা সামগ্ৰী প্ৰস্তুতৰ বাবেও একেলগে কাম কৰি আছে। আনহাতে, জিঅৰ 6Gৰ প্ৰভাৱ নিৰ্মাণ, প্ৰতিৰক্ষা আৰু ব্যৱসায়িক মেচিনাৰীৰ ক্ষেত্ৰতো স্পষ্ট হ’ব। নামেই কয়, 6G 5Gতকৈ ক্ষিপ্ৰ আৰু উন্নত হব। গতিকে, 6Gৰ ফোকাছ ছেল ফ্ৰী MIMO, ইণ্টেলিজেঞ্চ চাৰ্ফেছ আৰু স্পীড বেছি পাব গ্ৰাহকে। 6G-এ 5Gৰ সৈতে একেই হব যদিও অধিক গ্ৰাহক আৰু নতুন নতুন অঞ্চলক সামৰি লব। 6Gৰ স্পীড কিমান হব এতিয়াই স্পষ্ট হোৱা নাই যদিও 5Gৰ ১০০ গুণ অধিক হব। ছেমছাঙে প্ৰকাশ কৰা তথ্য অনুসৰি নেক্সট জেনেৰেচন নেটৱৰ্কৰ স্পীড ১০০০ Gbps স্পীড হব। 6Gৰ গৱেষণা আৰু বিকাশৰ কাম চীন আৰু জাৰ্মানীত দ্ৰুতগতিত অব্যাহত আছে। আন আন উন্নত দেশতো ইয়াৰ ওপৰত কাম আৰম্ভ হৈছে। 6Gৰ আগমনে AI ইণ্টাৰেকচনৰ ৰূপ সলনি কৰিব। অৱশ্যে ২০২৫ৰ পূৰ্বে ভাৰতীয় গ্ৰাহকে 6G সেৱা লাভ কৰাৰ সম্ভাৱনা ক্ষীণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...