শগুণৰ মৃত্যুত আদ্যশ্ৰাদ্ধ

১৭ মাৰ্চত ছয়গাঁৱৰ মিলনপুৰত শতাধিক শগুণৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল। এই খবৰে সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয় চুই গৈছিল। নিশাৰ ভিতৰতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ সৎকাৰ কৰিছিল মৃত শগুণসমূহ।

কোনো দুষ্ট লোকে অঞ্চলটোত চলি থকা কুকুৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ মৃত ছাগলীৰ ওপৰত কুকুৰক মাৰিবলৈ বিষ প্ৰয়োগ কৰিছিল। পিছে কুকুৰৰ পৰিৱৰ্তে শগুণে মৃত শৱ ভক্ষণ কৰাত মৃত্যু হয় শতাধিক শগুণৰ। এই ঘটনাৰ পিছতে মৰ্মাহত হৈ মিলনপুৰৰ ৰাইজে আজি শগুণৰ আত্মাৰ সদগতি কামনা কৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে।

পুৱাৰে পৰা শগুণৰ সৎকাৰস্থলীত ৰাইজৰ ভিৰ। কণ কণ শিশুসকলে হাতে হাতে তুলি ল’লে বেনাৰ-পোষ্টাৰ। বন্যবন্ধু প্ৰশান্ত কলিতা, ৰেঞ্জাৰ দ্বিপন ডেকাই ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ চৰম পৰিণতি

কোন স্কুলত পঢ়াইছে আপোনাৰ সন্তানক? আপোনাৰ সন্তানৰ প্ৰতি দায়িত্বশীল...

GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনা; ঘটনাৰ তদন্ত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ

প্ৰসংগঃ GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনাৰাজ্য জোকাৰি যোৱা ঘটনাৰ...

গুৱাহাটীৰ উজানবজাৰত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

কাৰ্যনিৰ্বাহকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ১৮ মে’ত HSLC, HS উত্তীৰ্ণ শিক্ষাৰ্থীক...

বৰপেটাৰোডত জেহাদীৰ বিৰুদ্ধে NIAৰ তীব্ৰ অভিযান

​ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ।পুৱতি...