SSB আৰু বন বিভাগৰ অভিযান, জব্দ চেগুন কাঠৰ কুণ্ডা

তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত হাতীডুবাত SSB আৰু বন বিভাগৰ অভিযান ৷ অভিযানত চেগুন কাঠৰ কুণ্ডাসহ এখন মহেন্দ্ৰ পিক আপ ভেন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মহেন্দ্ৰ পিক আপ ভেনখনৰ নং AS 01 GC 2446৷ জব্দ কৰা কাঠখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা ৷ পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ ৬৪ নং কোম্পানীৰ পাটকিজুলিস্থিত SSBৰ জোৱান আৰু কুমাৰীকাটা ৰেঞ্জৰ বিষয়া-কৰ্মচাৰীসকলে গোপন খবৰ লাভ কৰি অভিযান চলাইছিল ৷

হাতীডুবা অঞ্চলত মহেন্দ্ৰ পিক আপ ভেনত চেগুন কাঠৰ কুণ্ডা গাড়ীখনত তুলি থাকোঁতে ধৰিবলৈ সক্ষম হয় বন বিভাগে ৷ ইপিনে SSB আৰু বন বিভাগৰ আগমনৰ খবৰ লাভ কৰি সেই ঠাইৰ পৰা চালকসহ আন লোকে পলায়ন কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...