এইবাৰ চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি

যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উঠি পৰি লাগিছে সেই সময়তে ধিঙৰ এখন চৰকাৰী বিদ্যালয়ৰ ভূমিত চলিছে ভূ-মাফিয়াৰ দাদাগিৰি। বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঘোঁৰা উঠা মোক্তাৱ বিদ্যালয়ৰ ভূমিত চলিছে দিন দুপৰতে খনন কাৰ্য্য । শালকাটি গাঁৱৰ মফিদুল ইছলাম নামৰ এটা ভূ-মাফিয়াই বিদ্যালয়ৰ প্ৰধান শিক্ষকক ভয় ভাবুকি প্রদান কৰি এনেদৰেই JCB আৰু ট্ৰেক্টৰেৰে খান্দি লৈ গৈছে বিদ্যালয়ৰ ভূমি। বিগত ৩ বছৰে বিদ্যালয়ৰ ভূমিত এই ভূমাফিয়াটোৱে বলপূর্বক ভাবে বনাই আহিছিল ইটা। এইবাৰ ইটা বনাবলৈ খান্দি লৈ গ’ল বিদ্যালয়ৰ মাটি। প্ৰধান শিক্ষক আব্দুল জব্বাৰে মফিদুল ইছলামৰ বিৰুদ্ধে ধিং ৰাজহ চক্ৰ বিষয়া আৰু বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক সমগ্ৰ ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে। ইফালে, বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামে ধিং আৰক্ষী থানাত ভূ-মাফিয়া মফিদুলৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে। কিন্তু ৰহস্যজনক কাৰণত আৰক্ষী প্ৰশাসনে মৌনতা অৱলম্বন কৰি আহিছে। উপায়ন্তৰ হৈ ভুক্তভোগী প্ৰধান শিক্ষক জনে ভূ-মাফিয়া মফিদুলৰ ভয় ভাবুকিত অন্য বিদ্যালয়লৈ বদলি হৈ যাবলৈ যো-জা চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...