অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগ, কৃষকৰ বাবে মুকলি হ’ল তথ্য কেন্দ্ৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ তত্বাৱধানত গ্ৰাম্য কৃষিকৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থবৰ্ষৰ দ্বিতীয় ষান্মাষিকৰ ৩৫গৰাকীকৈ শিক্ষাৰ্থীয়ে টীয়কৰ টিপমীয়া গাঁৱত এটি কৃষি তথ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্যাঞ্চলৰ কৃষকসকল সুবিধাৰ্থে বিভিন্ন কৃষিৰ আৰ্হি, প্ৰকল্প প্ৰস্তুত কৰে আৰু তথ্য-পাতি যুগুতাই কৃষি তথ্য কেন্দ্ৰটো ড০ ৰমেন্দ্ৰনাথ শৰ্মা, ড০ কৌশিক দাস আৰু ড০ অপৰাজিতা বৰাই ফিটা কাটি মুকলি কৰে। ইয়াৰ উদ্দেশ্যে এটাই গ্ৰামাঞ্চলৰ লোকসকলে কৃষি কাৰ্যত আধুনিক কৌশল প্ৰয়োগ কৰি যাতে তেওঁলোকৰ উৎপাদন আৰু আয় অধিক বৃদ্ধি কৰি লাভান্বিত হ’ব পাৰে। সপ্তাহৰ এটা দিনত এই কৃষি তথ্য কেন্দ্রটোলৈ কৃষক সকলে আহি কৃষি সম্বন্ধীয় বিভিন্ন তথ্য জনাৰ লগতে বিভিন্ন অভাৱ অভিযোগো দিয়াৰ ব্যৱস্থা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...