অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগ, কৃষকৰ বাবে মুকলি হ’ল তথ্য কেন্দ্ৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ তত্বাৱধানত গ্ৰাম্য কৃষিকৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থবৰ্ষৰ দ্বিতীয় ষান্মাষিকৰ ৩৫গৰাকীকৈ শিক্ষাৰ্থীয়ে টীয়কৰ টিপমীয়া গাঁৱত এটি কৃষি তথ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্যাঞ্চলৰ কৃষকসকল সুবিধাৰ্থে বিভিন্ন কৃষিৰ আৰ্হি, প্ৰকল্প প্ৰস্তুত কৰে আৰু তথ্য-পাতি যুগুতাই কৃষি তথ্য কেন্দ্ৰটো ড০ ৰমেন্দ্ৰনাথ শৰ্মা, ড০ কৌশিক দাস আৰু ড০ অপৰাজিতা বৰাই ফিটা কাটি মুকলি কৰে। ইয়াৰ উদ্দেশ্যে এটাই গ্ৰামাঞ্চলৰ লোকসকলে কৃষি কাৰ্যত আধুনিক কৌশল প্ৰয়োগ কৰি যাতে তেওঁলোকৰ উৎপাদন আৰু আয় অধিক বৃদ্ধি কৰি লাভান্বিত হ’ব পাৰে। সপ্তাহৰ এটা দিনত এই কৃষি তথ্য কেন্দ্রটোলৈ কৃষক সকলে আহি কৃষি সম্বন্ধীয় বিভিন্ন তথ্য জনাৰ লগতে বিভিন্ন অভাৱ অভিযোগো দিয়াৰ ব্যৱস্থা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...