ফাকুৱা খেলাৰ সময়ত কিয় সাৱধান হ’ব লাগে?

ৰঙৰ উৎসৱ ফাকুৱাত ব্যৱহৃত ৰং আছিল প্ৰকৃতিৰ পৰা আহৰণ কৰা ঔষধি গুণসম্পন্ন। পলাশ ফুল, জেতুকা, বেলফুল, হালধি, কুমকুম আদিৰ পৰা ৰং আহৰণ কৰি, তাৰ লগত চূণ জাতীয় খাৰ মিহলাই ৰং প্ৰস্তুত কৰা হৈছিল। যিবোৰে শৰীৰৰ ক্ষতি সাধন নকৰে। ক্ৰমে ক্ৰমে কেঁচামালৰ নাটনি, সহজে পোৱা ৰঙৰ বাবে প্ৰাকৃতিক ৰঙৰ সলনি বৰ্তমান ফাকুৱাত ব্যৱহাৰ হয় ৰাসায়নিক দ্ৰব্য। ৰং জিলিকিবলৈ শৰীৰৰ অপকাৰী মাইকা ব্যৱহাৰ কৰা হয়। মূল ৰঙৰ বাবে মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, সেউজীয়াৰ বাবে কপাৰ ছালফেট, গুলপীয়াৰ বাবে ৰডামাইন, বেঙুনীয়াৰ বাবে ক্ৰমিয়াম আয়’ডাইড আদি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। অসাধু ব্যৱসায়ীৰ দ্বাৰা উৎপাদিত ৰঞ্জক আৰু ৰাসায়নিক বিবিধ ধাতৱ কণিকা মিশ্ৰিত এনে ফাকুৱাই শৰীৰৰ অনিষ্ট সাধন কৰে। শৰীৰৰ বৃহৎ বাহ্যিক অংশ, যেনে – চৰ্ম বা ছাল, নখ, চুলি, চকুত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। এনে ৰাসায়নিক মিশ্ৰিত ফাকুৱাৰ পৰা ৬০ শতাংশ লোক খজুৱতিত ভোগে। ইয়াৰ উপৰি ছালৰ ৰুক্ষতা, ৰঙা পৰা, ঘাঁ লগা ইত্যাদি হয়। ৰাসায়নিক পদাৰ্থৰ বিৰূপতাৰ বাবে ছালৰ সৰ্বাধিক ক্ষতি হয়। ফাকুৱাৰ ৰঙে চুলিৰ স্বাভাৱিক ৰং বিনষ্ট কৰি চুলিক দুৰ্বল কৰি তোলে। ফলত অনায়াসে চুলি সৰা, চুলি ফটা আদি ৰোগৰ সৃষ্টি হয়। চুলিৰ গুৰিত ৰং সোমাই থাকিলে চুলিৰ স্বাভাৱিকতা একেবাৰে নষ্ট কৰে। ফাকুৱাৰ ৰঙৰ এলাৰ্জিৰ বাবে চকু ফুলি উঠা, কেতিয়াবা অসাৱধনাতাৰ ফলত চকুত ফাকুৱা সোমালে চকু নষ্ট হোৱা দেখা যায়। নখৰ গুৰিত ফাকুৱা জমা হৈ থাকিলে নখৰ ভিন ভিন ৰোগ হোৱা দেখা যায়। গতিকে ফাকুৱা খেলিবলৈ যোৱাৰ পূৰ্বে কিছু সাৱধানতা লব লাগে। ফাকুৱা খেলিবলৈ যোৱাৰ পূৰ্বে দেহত ক্ৰীম, নাৰিকল তেল বা পেট্ৰ’লিয়াম জেল সানিব লাগে। মুখমণ্ডলতে বেছিকৈ প্ৰভাৱ পৰে বাবে মুখত ছানস্ক্ৰীণ সানি তাৰ ওপৰত তেলজাতীয় ক্ৰীম সানিব লাগে। তৈলাক্ত ক্ৰীম সানিলে ছালৰ ভিতৰলৈ ফাকুৱা সোমাব নোৱাৰে। ফাকুৱা খেলাৰ পাছত বোৱতী পানীত লাহে লাহে গা ধুব লাগে। ৰং আঁতৰাবলৈ স্পিৰিট, কেৰাচিন, পেট্ৰ’ল আদি ব্যৱহাৰ কৰিব নালাগে। গা ধোৱাৰ সময়ত জোৰ-জুলুমভাৱে ঘঁহা একেবাৰে অনুচিত। গাত ঘাঁ হৈ থাকিলে পৰাপক্ষত ফাকুৱাৰ ৰং নোলোৱাই ভাল। খেলি থাকোঁতে এলাৰ্জিৰ দৰে বা অস্বস্তিকৰ ভাৱ হ’লে তৎক্ষণাৎ গা ধোৱা উচিত। চুলিৰ বাবে টুপী পৰিধান কৰাটো খুবেই প্ৰয়োজনীয়। চকুৰ পতা, কাণৰ পিছফাল বৰ অলসতাৰে চাফ-চিকুণ কৰিব লাগে। নখ, হাত-ভৰিৰ আঙুলিৰ ফাঁক ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ধোৱাৰ পাছত টেঙাজাতীয় দ্ৰব্যৰে ঘঁহিব লাগে। অতি প্ৰয়োজনীয় কথাটো হ’ল ৰাসায়নিক দ্ৰব্য সংমিশ্ৰিত ফাকুৱাতকৈ জৈৱিকভাৱে উৎপাদিত ফাকুৱাতহে গুৰুত্ব দিব লাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...