কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকক বদলি, কোন হ’ব নতুন সঞ্চালক?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক পি শিৱকুমাৰক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে বদলি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক কাজিৰঙাৰ পৰা দক্ষিণ অসম চক্ৰৰ শিলচৰত মুখ্য বন সংৰক্ষক পদলৈ বদলি কৰিছে। পি শিৱকুমাৰৰ স্থানত যতীন্দ্ৰ শৰ্মাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে যোগদান কৰিবলৈ ৰাজ্যখনৰ পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীয়ে স্বাক্ষৰ কৰি নিৰ্দেশ জাৰি কৰিছে। বৰ্তমান ভাৰতীয় বন সেৱাৰ বিষয়া যতীন্দ্ৰ শৰ্মাই  শিলচাৰত কৰ্মৰত হৈ আছে। ভাৰতীয় বন সেৱাৰ বিষয়া পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ দ্বায়িত্বত প্ৰায় ৩ বছৰ ধৰি নিষ্ঠাৰে কাম কৰি আহিছে। অতি গুৰুত্বপূৰ্ণ কথা যে পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ দ্বায়িত্ব লোৱাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধনৰ সংখ্যা হ্ৰাস পাইছিল। ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষকৈ নতুন চিন্তাৰে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি বন্যপ্ৰাণী আৰু পক্ষীৰ কাৰণে পানী সংৰক্ষণৰ কেইবাটাও আচঁনি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নয়ন আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল মাটিকালিৰ সৈতে বহু হেক্টৰ ভূমি বন্যপ্ৰাণীৰ বিচৰণ আৰু খাদ্যৰ সুবিধা হোৱাকৈ সংযোজন ঘটাইছিল। উল্লেখ্য যে, বন বিভাগে চিহ্নিত কৰা কাজিৰঙাৰ ৯টা এনিমেল কৰিডৰত দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত কিছু লোকে আইন ভংগ কৰি অবৈধভাবে নিৰ্মাণ কাৰ্য চলোৱাৰ কথা তথ্যসহকাৰে উৰ্ধতম কৰ্ত্তৃপক্ষক কোনো সংকোচ নকৰাকৈ সঘনাই লিখিতভাবে অবগত কৰি আছিল। যাৰ ফলত সঞ্চালক পি শিৱকুমাৰে কোনো পক্ষপাত নোলোৱাকৈ দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা স্থানত উচ্ছেদ চলাবলৈ বাধ্য হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...