দিল্লীলৈ কোন? বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব?

বাবুল সুপ্ৰিয় পশ্চিম বংগ ৰাজনীতিৰ এজন চৰ্চিত নাম। মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতে বিজেপি ত্যাগ কৰি যোগ দিছিল তৃণমূল কংগ্ৰেছ দলত। বালিগঞ্জ সমষ্টিৰ সাংসদ পদৰ পৰা পদত্যাগৰ পিছতে খালী হৈ আছিল আসনখন। উপ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে পুনৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। সংগীত শিল্পীৰ পৰা ৰাজনীতিত নমা বাবুলৰ বিৰুদ্ধে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চাইৰা হালিমক। চাইৰা হালিম হৈছে নাছিৰুদ্দিন শ্বাহৰ আত্মীয়। আনহাতে, চাইৰা হৈছে আৰ্মী ষ্টাফৰ ডেপুটি চীফ তথা লেফটেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহৰ কন্যা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ আন্দোলন গঢ়ি তুলিছিল চাইৰাই। আনহাতে, আছানছোন সমষ্টিটোক লৈও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আছানছোলত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অভিনেতা শত্ৰুঘ্ন সিনহাক। অভিনেত্ৰী সোণাক্ষী কন্যাৰ পিতৃ শত্ৰুঘ্নই পূৰ্বে বিজেপি দলত আছিল যদিও পিছত দল সলনি কৰি তৃণমূলক আকোৱালি লৈছিল। খালী হৈ থকা আছানছোল সমষ্টিত সিনহাক প্ৰক্ষেপ কৰিছে মমতা বেনাৰ্জীৰ দল তৃণমূলে। ভতিজাক অভিষেক বেনাৰ্জীক আঁতৰাই মমতাই ঘোষণা কৰিছিল যে আছানছোলত বাহিৰৰ এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইফালে সিনহাৰ বিৰুদ্ধে CPI(M)-এ থিয় কৰাইছে পাৰ্থ মুখাৰ্জীক। আনহাতে, এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে। উপ নিৰ্বাচনৰ অহা ১২ এপ্ৰিলত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ১৬ এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হব। উল্লেখ্য যে, এটা সমষ্টিত বাবুল সুপ্ৰিয়ই পদত্যাগ কৰাৰ বিপৰীতে আনটো সমষ্টিত সুব্ৰত মুখাৰ্জীৰ পৰলোক প্ৰাপ্তি ঘটিছিল।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...