ভাৰতলৈ আহি আছে চীনৰ বিদেশ মন্ত্ৰী, উদ্দেশ্য কি?

অচিৰে ভাৰতলৈ আহিব চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ি। গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ ভাৰতলৈ আহিব চুবুৰীয়া দেশখনৰ বিদেশ মন্ত্ৰী। ২০২০ চনৰ ১৫ জুনত দুয়ো দেশৰ সেনাৰ মাজত সূত্ৰপাত ঘটিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। ৰঙা চীনৰ আক্ৰমণত শ্বহীদ হৈছিল ২০জন সেনা জোৱান। চীনা সেনাকো তীব্ৰ প্ৰত্যুত্তৰ দিছিল ভাৰতীয় বীৰ জোৱানে। সেই ঘটনাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটে। চলিত মাহৰ শেষৰ ফাললৈ দিল্লীলৈ চীনৰ বিদেশ মন্ত্ৰীগৰাকী অহাৰ সম্ভাৱনা আছে। অৱশ্য়ে চীনৰ ফালৰ পৰাহে ভাৰতলৈ অহাৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, ২৬-২৭ মাৰ্চত নেপাললৈ যাব চীনৰ বিদেশ মন্ত্ৰীগৰাকী। এই ভ্ৰমণকালত নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী, প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আৰু বিৰোধী দলপতি নাৰায়ণ খডকাকো সাক্ষাতৰ সম্ভাৱনা আছে। বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ প্ৰকল্পক লৈ বিশেষভাবে চৰ্চাৰ সম্ভাৱনা আছে এই ভ্ৰমণকালত। কেৱল নেপাল আৰু ভাৰতেই নহয়, একেলগে ভূটান আৰু পাকিস্তান ভ্ৰমণৰো পৰিকল্পনা কৰিছে চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...