আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হ’ব হৰভজন সিং!

এইবাৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ ঢাপলি মেলিব ৰাজনীতিলৈ। শেহতীয়াভাবে দেশজুৰি চৰ্চিত হৈছে হৰভজন সিং। পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে শাসনাধিষ্ঠ আম আদমী পাৰ্টীয়ে। পঞ্জাৱত অচিৰে নিৰ্মাণ হব এখন ক্ৰীড়া বিশ্ববিশ্ববিদ্যালয়। এই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব দিব পাৰে ক্ৰিকেটাৰজনক। ইয়াৰ পূৰ্বে জলন্ধৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ভগৱন্ত মানে। উল্লেখ্য যে, বুধবাৰে বিশাল আয়োজনেৰে প্ৰথমগৰাকী আপৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল মানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...