গছ-গছনি কাটি তহিলং, ফটকা ফুটাই সন্ত্ৰাস অসম বিদ্বেষী দলৰ

অসম-মেঘালয় সীমান্তৱৰ্তী বকো সীমান্তত চেপা উত্তেজনা। বকো সীমান্তৰ শালবাৰী গাঁৱত অসম বিদ্বেষী দলৰ আতংক। গছ-গছনি কাটি তহিলং কৰাৰ লগতে ফটকা ফুটাই আতংকৰ সৃষ্টি কৰিছে দলটোৱে। ইয়াৰ ফলত জীয়াতু ভুগিব লগা হৈছে সাধাৰণ জনতা। অস্তিত্বহীনতাত ভুগি থকা অঞ্চলটোৰ জনতাৰ বাবে শুকুৰবাৰে সীমান্তত উপস্থিত বকোৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ লগতে অঞ্চলটোত উপস্থিত বকো ৰাজহ চক্ৰ বিষয়া ৰাজ বৰুৱা সহ বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মী। উল্লেখ্য যে, ৭ মাৰ্চৰ নিশা অসম বিদ্বেষী দল এটাই শালবাৰীগাঁৱৰ জছপিত এ মাৰাক নামৰ লোকগৰাকীৰ ঘৰত সোমাই গছ-গছনি কাটি তহিলং কৰাৰ লগতে ফটকা ফুটাই আতংকৰ সৃষ্টি কৰিছিল। লোকজনৰ ঘৰত থকা সমবায় দোকানৰ কেৰাচিন পৰ্যন্ত পথত পেলাই দিয়ে বিদ্বেষী দলটোৱে। বিধায়িকা নন্দিতা দাসে লোকজনৰ ঘৰত খা-খবৰ লোৱাৰ লগতে শালবাৰীগাঁৱৰ ৰাজহুৱা সভা এখনত অংশ গ্ৰহণ কৰে। সভাৰ যোগেৰে শীঘ্ৰে সীমাবিবাদ সমাধান কৰি সীমান্তত বাসবাস কৰা ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই বিধায়িকাগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...