প্ৰেমৰ জাল পেলাই আজিজুল হুছেইনে পলুৱাই নিছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীক

প্ৰথমতে মোবাইলত মিচ কল আৰু ইয়াৰ পিছত প্ৰেম। প্ৰেমৰ জাল পেলাই তামুলপুৰৰ আজিজুল হুছেইন নামৰ এজন যুৱকে পলুৱাই নিছিল এগৰাকী ১৪ বছৰীয়া কিশোৰীক। যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ দ্বাৰকুছিত। যোৱা ৫ মাৰ্চত সৰস্বতী পূজা বুলি ঘৰৰ পৰা ওলাই আহিছিল বিদ্যালয়লৈ বুলি। আৰু বিদ্যালয়লৈ ওলাই অহা কিশোৰী গৰাকী ঘূৰি নগল ঘৰলৈ। বহুত বিচাৰিও সন্ধান নোলাল অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ। ছাত্ৰীগৰাকীক বিচাৰি নাপাই ৬ মাৰ্চত পৰিয়ালে সুৱাগপূৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তদন্ত কৰি ১০ মাৰ্চত তামুলপুৰৰ আৰক্ষীৰ এটি দলে বেংগালুৰুৰ পৰা উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক। লগতে আটক কৰে অপহৰণকাৰী আজিজুল হুছেইনক। ধৃত আজিজুলক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...