BPF, কংগ্ৰেছ, AIUDF এৰি পৰিধান কৰিলে গেৰুৱা বসন

BPF, কংগ্ৰেছ, AIUDF এৰি পৰিধান কৰিলে গেৰুৱা বসন। প্ৰায় ৫ শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিলাসীপাৰা পূব সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ১১ নং ভাওখুংৰী পাৰিষদীয় সমষ্টিৰ বামুণগাঁও প্ৰথম খণ্ডত গেয়ামওথো স্পৰ্টছ ক্লাবত অনুষ্ঠিত হয় বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। ১১ নং ভাওখুংগৰীৰ বিজেপি মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত বিজেপিৰ জনপ্ৰিয়তা আৰু “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস” নীতিৰ প্ৰতি আকৃষ্ট হৈ বিপিএফ, কংগ্ৰেছ, AIUDF দলৰ পৰা প্ৰায় ৫ শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, মণ্ডল প্ৰভাৰী জিতু কিষাণৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...

গুৱাহাটী ৰিং ৰোডৰ অধীনত যোৰাবাটৰ বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকীয়া প্ৰকল্প ঘোষণা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম বিধানসভাৰ...

ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ কৰিব খুজিছিল পুটিনে, বাধা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে: পোলেণ্ডৰ মন্ত্ৰীৰ ডাঙৰ দাবী

পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱ্লাডিছল' টিওফিল বাৰ্ট'চেভস্কিয়ে (Wladyslaw Teofil...

ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তি: গাড়ী, চকলেট আৰু বিস্কুট হ’ব সস্তা, সাধাৰণ জনতাৰ বাবে ডাঙৰ সুবিধা

ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক ‘সামগ্ৰিক অৰ্থনৈতিক...