BPF, কংগ্ৰেছ, AIUDF এৰি পৰিধান কৰিলে গেৰুৱা বসন

BPF, কংগ্ৰেছ, AIUDF এৰি পৰিধান কৰিলে গেৰুৱা বসন। প্ৰায় ৫ শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিলাসীপাৰা পূব সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ১১ নং ভাওখুংৰী পাৰিষদীয় সমষ্টিৰ বামুণগাঁও প্ৰথম খণ্ডত গেয়ামওথো স্পৰ্টছ ক্লাবত অনুষ্ঠিত হয় বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। ১১ নং ভাওখুংগৰীৰ বিজেপি মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত বিজেপিৰ জনপ্ৰিয়তা আৰু “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস” নীতিৰ প্ৰতি আকৃষ্ট হৈ বিপিএফ, কংগ্ৰেছ, AIUDF দলৰ পৰা প্ৰায় ৫ শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্ম, মণ্ডল প্ৰভাৰী জিতু কিষাণৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...