আৰক্ষী যোৱাৰ খবৰ আগতীয়াকৈ দিছিল গৰু বেপাৰীক, জালত গৃহৰক্ষী জোৱান

মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ। দুমাহ পূৰ্বে তেওঁক পদৰ পৰা নিলম্বন কৰা হৈছে। গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ। আৰক্ষীয়ে অভিযান চলাবলৈ যোৱাৰ খবৰ আগতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায়ীক যোগান দি অহাৰ অভিযোগ। যোৱা ৯ জানুৱাৰীৰ নিশা নিজৰ ডি আই মহিন্দ্ৰা পিক আপ ভেন বাহনখনেৰে বাংলাদেশলৈ চোৰাং গৰু নিয়া অৱস্থাত আৰক্ষীয়ে ৪টা গৰুসহ জব্দ কৰিছিল গাড়ীখন। ইয়াৰ পিছতে এম এল ০৮ চি ৪১৬৪ নম্বৰৰ গাড়ীখন আৰক্ষীয়ে জব্দ কৰি বিচাৰি আছিল। দীৰ্ঘদিনে আত্মগোপন কৰি থকা গৃহৰক্ষী জোৱানজনক আৰক্ষী অধীক্ষকজনে চোৰাং ব্যৱসায় কৰাৰ অভিযোগত নিলম্বন কৰিছিল। নিশা গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে নুৰ হুছেইনক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...