৭ মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

অহা ৭ মাৰ্চত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ বি-ৰ আধাৰত বেতনসহ বন্ধ ঘোষণা কৰা হৈছে। সেইদিনা সমষ্টিটোৰ অন্তৰ্গত সকলো কাৰখানা, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু এনেধৰণৰ অন্যান্য উদ্যোগৰ কৰ্মচাৰী যিসকল মাজুলী সমষ্টিৰ উপনিৰ্বাচনত ভোটদানৰ বাবে যোগ্য, তেওঁলোকে এই দিনটোত বেতনসহ বন্ধ লাভ কৰিব। আগন্তুক অসম বিধান সভাৰ উপ-নিৰ্বাচনত ভোটদানৰ সুবিধা প্ৰদান কৰাৰ অৰ্থে এই কৰ্মচাৰীসকলৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে।

তদুপৰি, উল্লেখিত নির্বাচনী এলেকাৰ সাধাৰণ বাসিন্দা আৰু সেই নির্দিষ্ট নির্বাচনী এলেকাৰ ভোটাৰ হিচাপে পঞ্জীভুক্ত, কিন্তু নির্বাচনী এলেকাৰ বাহিৰত অৱস্থিত যিকোনো প্রতিষ্ঠানত কৰ্মৰত বা নিযুক্ত ব্যক্তিসকলেও ভোট গ্ৰহণৰ দিনা বেতন সহ এই বন্ধৰ সুবিধা লাভ কৰিব। আনহাতে, দৈনিক মজুৰী প্ৰাপ্ত/অস্থায়ী শ্রমিকসকলেও এই সুবিধা লাভ কৰিব পাৰিব। উল্লেখ্য যে, কোনো নিয়োগকৰ্তাই এই বিধান উলঙ্ঘন কৰিলে তেওঁ শাস্তিযোগ্য হ’ব আৰু ৫০০ টকা লৈকে জৰিমনা বিহা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...