সাৱধান! এইকেইখন জিলাত বৃদ্ধি পাইছে এইডছ ৰোগী।

দেশৰ আন ৰাজ্যৰ তুলনাত অসমত এইডছ আক্ৰান্তৰ হাৰ কম হৈছে। বৰপেটাত HIV এইডছ সম্পৰ্কীয় কৰ্মশালা এখনত অংশগ্ৰহন কৰি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াই জনালে এই কথা৷ বৰপেটা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহন কৰি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিলে আন এক তথ্য৷ বৰপেটা, কোকৰাঝাৰ, বাক্সা, বঙাইগাঁও আৰু চিৰাং জিলাত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে HIV এইডছ ৰোগী৷ জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীৰ মতে, ক’ভিডকালীন পৰিস্থিতিক লৈ চৰকাৰে জাৰি কৰা লক ডাউনৰ সময়ছোৱাত বৰপেটা, কোকৰাঝাৰ, চিৰাং, বঙাইগাও, ধুবুৰী, বাক্সা আদি জিলাসমূহত HIV এইডছ সংক্ৰমণ হ্ৰাস পাইছিল৷ অৱশ্যে ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত গোলাঘাট, মৰিগাঁও আৰু নগাঁৱত HIV এইডছৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ অৱশ্যে দেশৰ আন ৰাজ্যৰ তুলনাত অসমত এইডছ সংক্ৰমণৰ হাৰ কম বুলিও জানিবলৈ দিয়ে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াগৰাকীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...