ড্ৰাই ডে’ ঘোষণা, কিনা-বেচা কৰিব নোৱাৰিব সুৰা

পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি গঢ়ি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় বাবে তাৰ বাবে প্ৰশাসনে আগতীয়া পদক্ষেপ হাতত লৈছে। ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা এলেকাত ড্ৰাই ডে’ ঘোষণা কৰিছে। সেই অনুসৰি ৪ মাৰ্চৰ বিয়লি ৪ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪ বজালৈ আৰু লগতে ৯ মাৰ্চত ভোট গণনা শেষ নোহোৱাপৰ্যন্ত বঙাইগাঁও পৌৰসভা এলেকাৰ অন্তৰ্গত অনুজ্ঞা পত্ৰ থকা সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰিছে। অসম আবকাৰী আইনৰ নিৰ্দিষ্ট বিধি অনুসৰি এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা কোনো স্থানত সুৰাৰ মজুত ৰাখিলে বা বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে, যদি কোনো এলেকাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ’লে সেই সময়ছোৱাতো ড্ৰাই ডে’ বলৱৎ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...