ড্ৰাই ডে’ ঘোষণা, কিনা-বেচা কৰিব নোৱাৰিব সুৰা

পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি গঢ়ি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় বাবে তাৰ বাবে প্ৰশাসনে আগতীয়া পদক্ষেপ হাতত লৈছে। ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা এলেকাত ড্ৰাই ডে’ ঘোষণা কৰিছে। সেই অনুসৰি ৪ মাৰ্চৰ বিয়লি ৪ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪ বজালৈ আৰু লগতে ৯ মাৰ্চত ভোট গণনা শেষ নোহোৱাপৰ্যন্ত বঙাইগাঁও পৌৰসভা এলেকাৰ অন্তৰ্গত অনুজ্ঞা পত্ৰ থকা সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰিছে। অসম আবকাৰী আইনৰ নিৰ্দিষ্ট বিধি অনুসৰি এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা কোনো স্থানত সুৰাৰ মজুত ৰাখিলে বা বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে, যদি কোনো এলেকাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ’লে সেই সময়ছোৱাতো ড্ৰাই ডে’ বলৱৎ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...