আমি সকলোবোৰ পুনৰ নিৰ্মাণ কৰিম আৰু ইয়াৰ বিল পৰিশোধ কৰিব ৰাছিয়াই : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

এখন যুদ্ধজৰ্জৰ দেশ ইউক্ৰেইন। ৰাছিয়ান সেনাই তচনচ কৰিছে ইটোৰ পিছত সিটো বাসগৃহ। ধ্বংস কৰিছে স্মাৰক, বহু মূল্যবান সম্পদ। ঐতিহাসিক সমল, প্ৰথিতযশা ব্যক্তিৰ ঘৰ মুহূৰ্ততে ধ্বংসস্তুপত পৰিণত কৰিছে। ৰাজপথত শিশুৰ সৈতে গৈ থকা মাতৃ, চিকিত্সাৰ বাবে যোৱা বৃদ্ধ দম্পতী ৰাছিয়ান মিছাইল আক্ৰমণত থিতাতে মৃত্যুক সাবটিছে। কোনোবাই আপোনজনক হেৰুৱাই উচুপিছে, কোনোবাই প্ৰিয় বাসগৃহ হেৰুৱাই নিথৰুৱা গৃহহাৰা হৈ হাহাকাৰ কৰিছে। তাৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে ইউক্ৰেনীয়সকলক প্ৰতিশ্ৰুতি দিছে যে আক্ৰমণকাৰী ৰাছিয়ান বাহিনীৰ দ্বাৰা ক্ষতি হোৱা আন্তঃগাঁথনিসমূহ মেৰামতি কৰা হ’ব আৰু মস্কোৱে ইয়াৰ খৰচ বহন কৰিব।
“আমি প্ৰতিটো ঘৰ, প্ৰতিটো ৰাজপথ, প্ৰতিখন চহৰ পুনৰুদ্ধাৰ কৰিম। নতুনকৈ সজাই তুলিম আমাৰ দেশখন। আমি ৰাছিয়াক কওঁ: ক্ষতিপূৰণ আৰু অৱদানৰ শব্দ কি সেয়া শিকক। আপুনি আমাৰ দেশৰ বিৰুদ্ধে কৰা এই কাৰ্যৰ পৰিণাম ভুগিব লাগিব। প্ৰতিজন ইউক্ৰেনিয়ানে ৰাছিয়াৰ কাম-কাজ দেখি আছে। এটা ভিডিঅ’ বিবৃতিত এইদৰে কয় জেলেনস্কিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...