২৫ ফেব্ৰুৱাৰীত অসমলৈ ৰাষ্ট্ৰপতি, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতিয়ে?

২৫ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।

আজি প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাতত উপস্থিত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। দুয়োগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তথা প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰে। ইয়াৰ পিছতেই দুয়োজন ৰাওনা হয় কাজিৰঙালৈ ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...