২৫ ফেব্ৰুৱাৰীত অসমলৈ ৰাষ্ট্ৰপতি, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতিয়ে?

২৫ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।

আজি প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাতত উপস্থিত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। দুয়োগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তথা প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰে। ইয়াৰ পিছতেই দুয়োজন ৰাওনা হয় কাজিৰঙালৈ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...