বেডমিণ্টন টুৰ্ণামেণ্ট, অসমৰ দলৰ হাতত শোচনীয় পৰাজয় মেঘালয়ৰ দলৰ

অসমৰ দলৰ হাতত মুখথেকেচা খালে মেঘালয়ৰ দলে। মানকাচৰৰ খাৰুৱাবান্ধা নৱজ্যোতি অৰুণোদয় ক্লাৱৰ সৌজন্যত বেডমিণ্টন টুৰ্ণামেণ্ট। চূড়ান্ত খেলত অসমৰ খাৰুৱাবান্ধাৰ হাতত পৰাস্ত মেঘালয়ৰ শিঙিমাৰী দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ খাৰুৱাবান্ধাত বিগত প্ৰায় এসপ্তাহ ধৰি অনুষ্ঠিত হোৱা বেডমিণ্টন টুৰ্ণামেণ্টৰ সামৰণি পৰে। চূড়ান্ত খেলত মেঘালয়ৰ শিঙিমাৰীৰ ৰাহুল সিং ভাণ্ডাৰীৰ দল আৰু অসমৰ খাৰুৱাবান্ধাৰ খাইৰুজ্জামান ৰাকেশৰ দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত খাইৰুজ্জামান ৰাকেশ মেঘালয়ৰ ৰাহুল সিং ভাণ্ডাৰীক ২-০ গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত ৰাকেশ ২১-১৫ পইণ্টত পৰাস্ত কৰাৰ লগতে দ্বিতীয়টো গেমত ২১-১১ পইণ্টত পৰাস্ত কৰে। চূড়ান্ত বিজয়ী দলৰ খেলুৱৈ দুজনক দুটা ট্ৰফী আৰু নগদ ১০ হাজাৰ টকাৰ বঁটা প্ৰদান কৰা হয়। একেদৰে ৰানাৰ্চ আপ দলৰ দুই খেলুৱৈক ট্ৰফী আৰু নগদ ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি আবু হানিফ আৰু সাধাৰণ সম্পাদক শুকুৰ আলী উপস্থিত থাকি চূড়ান্ত বিজয়ী দলক জিলাৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...