তিৱা সাহিত্য সভাৰ অধিবেশন, উদুলি মুদুলি পৰিৱেশ

২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব তিৱা সাহিত্য সভাৰ দ্বাদশ সংখ্যক সাধাৰণ অধিবেশন। এই লৈ সমগ্ৰ বাৰপূজীয়া অঞ্চলতে দেখিবলৈ পোৱা গৈছে এক উদুলি মুদুলি পৰিৱেশ। বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ সমগ্ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু কেইবা সহস্ৰাধিক প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে বাৰপূজীয়াবাসী। সাহিত্যপ্ৰেমী ৰাইজক আকৰ্ষণ কৰিবলৈ অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে তিৱাসকলৰ মেৰঘৰ, ডেকাচাং, টঙীঘৰ আদি। নিৰ্মাণ কৰা হৈছে বৃহৎ সভাগৃহ, ভোজনালয়, গ্ৰন্থ বিপনী, প্ৰদৰ্শনী গৃহ আদি। প্ৰতিনিধিসকলক সম্পূৰ্ণ তিৱা জনগোষ্ঠীয় খাদ্যৰে আপ্যায়ণৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। তিনিদিনীয়া অনুষ্ঠানৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু নিশা সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিধানসভালৈ পুনৰ আহি আছে অগ্নিকন্যা; নন্দীগ্ৰামত চলিবনে মমতা বেনাৰ্জীৰ যাদু?

পুনৰ চৰ্চাত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী। ২০২৬...

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰবাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...