তিৱা সাহিত্য সভাৰ অধিবেশন, উদুলি মুদুলি পৰিৱেশ

২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব তিৱা সাহিত্য সভাৰ দ্বাদশ সংখ্যক সাধাৰণ অধিবেশন। এই লৈ সমগ্ৰ বাৰপূজীয়া অঞ্চলতে দেখিবলৈ পোৱা গৈছে এক উদুলি মুদুলি পৰিৱেশ। বাৰপূজীয়াৰ শ্বহীদ হেমৰাম পাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ সমগ্ৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু কেইবা সহস্ৰাধিক প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে বাৰপূজীয়াবাসী। সাহিত্যপ্ৰেমী ৰাইজক আকৰ্ষণ কৰিবলৈ অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে তিৱাসকলৰ মেৰঘৰ, ডেকাচাং, টঙীঘৰ আদি। নিৰ্মাণ কৰা হৈছে বৃহৎ সভাগৃহ, ভোজনালয়, গ্ৰন্থ বিপনী, প্ৰদৰ্শনী গৃহ আদি। প্ৰতিনিধিসকলক সম্পূৰ্ণ তিৱা জনগোষ্ঠীয় খাদ্যৰে আপ্যায়ণৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। তিনিদিনীয়া অনুষ্ঠানৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু নিশা সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...