লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা!

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৫ বছৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা। ৰাচীৰ চি বি আইৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰে লালু প্ৰসাদ যাদৱক। খাদ্য কেলেংকাৰিৰ গোচৰত অভিযুক্ত লালু প্ৰসাদ যাদৱ। দোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকা আত্মসাতৰ গোচৰত দোষী সাব্যস্ত RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱ। ১৫ ফেব্ৰুৱাৰীত দোষী সাব্যস্ত কৰিছিল চি বি আইৰ বিশেষ আদালতে। লালু প্ৰসাদৰ লগতে ৩৭ জন দোষীক শাস্তি প্ৰদান।

ইতিমধ্যে আন কেইবাটাও গোচৰ দোষী সাব্যস্ত হৈ কাৰাগাৰত আছে লালু প্ৰসাদ যাদৱ। চি বি আই আদলতৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব লালু প্ৰসাদ যাদৱ। পঞ্চমটো গোচৰত দোষী সাব্যস্ত হোৱাৰ পূৰ্বে আন ৪টা গোচৰত ১৪ বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...