কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম।

বৃষ : আপোনাৰ ধন লাভৰ যোগ। স্বাস্থ্য ভালেৰে যাব। ব্যৱসায়ীসকলৰ শুভ। কর্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ। বাক-বিতণ্ডাৰ পৰা আঁতৰি থাকক।

মিথুন : আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ আছে। কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ।

কর্কট : আজি আপোনাৰ আর্থিক দিশত উন্নতি লাভ কৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

সিংহ : আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ সম্ভাৱনা।

কন্যা : আপোনাৰ আজি কর্মক্ষেত্ৰত বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ।

তুলা : ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্ৰমণকাৰীসকলৰ বাবে দিনটো শুভ।

বৃশ্চিক : আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম।

ধনু : আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। ভ্রমণ হ’ব পাৰে।

মকৰ : আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

কুম্ভ : আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যাৰ্থীসকলৰ মধ্যম।

মীন: আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...