২৬ ফেব্ৰুৱাৰীত কাজিৰঙালৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে। প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে সদৰী কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কহঁৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰৰ বাট-পথ মেৰামতিত ব্যস্ত হৈ পৰিছে। দেওবাৰে বিয়লি প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে স্বয়ং কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। ল্লেখ্য যদি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰিপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ’ব। ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰীপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল।  ইয়াৰ পিছত অৰ্থাৎ ১৯৮৩ চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও একেটা পৰ্যটন নিবাসত ৰাত্ৰিযাপন কৰাৰ লগতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। ইয়াৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনাপ্ৰধানকে আদি কৰি দেশ-বিদেশৰ বহু VVIP-এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...