সলনি হ’ল গুৱাহাটীৰ বহু পথৰ নাম, কোনটো পথৰ কি নাম?

মহানগৰীত পূৰ্বৰ নাম সলনি কৰি নতুনকৈ নামকৰণ কৰা হ’ল বহু পথৰ। পূৰ্বে নাৰেংগী-ছয়মাইল সংযোগী পথটো প্ৰথমে VIP পথ নামেৰে জনাজাত আছিল যদিও এই পথৰ নাম সলনি কৰি “মাধৱদেৱ পথ” নামাকৰণ কৰা হ’ল।
একেদৰে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী-চন্দ্ৰপুৰ পথ নামেৰে সৰ্বসাধাৰণ ৰাইজৰ মাজত জনাজাত আছিল যদিও পিছলৈ এই পথটো হোমেন বৰগোহাঞি পথ নামেৰে নামকৰণ কৰা হ’ল। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত নামকৰণ কৰি শুভাৰম্ভ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছিল।
নতুনকৈ পথ নামকৰণ কৰা হ’ল ঠিকেই, পিছে সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়াও নাৰেংগী-ছয়মাইল পথটো VIP পথ আৰু একেদৰেই নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথটো নাৰেংগী চন্দ্ৰপুৰ পথ নামেৰে ৰাইজৰ মাজত প্ৰচলিত হৈ আছে।
কেৱল এই দুটা পথেই নহয়, নাৰেংগী-জু ৰোড সংযোগী পথটো মাদাৰ টেৰেছা পথ নামেৰে নামকৰণ হ’ল যদিও সৰ্বসাধাৰণ বহু ৰাইজে এতিয়াও নতুন নামকৰণ কৰা পথৰ নতুন নামটো নাজানে।
জালুকবাৰীৰ নাম ৰাজীৱ চ’ক কৰিছিল, অধিকাংশ গুৱাহাটীৰ ৰাইজে ৰাজীৱ চ’ক বুলি উচ্চাৰণ নকৰে। আনহাতে, RG বৰুৱা পথটো আজিও জু ৰড বুলিহে বেছি জনাজাত। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ পথৰ নামো বহু লোকে নাজানে।
এসময়ত Assamক Asom কৰা হ’ল যদিও চৰকাৰৰ ঘৰতে সেই নতুন নামে মান্যতা নাপালে। নামটো সলনিক লৈ অসমত দীৰ্ঘদিনীয়া বিতৰ্কৰো সৃষ্টি হৈছিল।
নাম সলনি কৰত আপত্তি নাই কিন্তু স্থানীয় ৰাইজ, দল-সংগঠনৰ সৈতে কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...