ব্ৰাজিলত হাহাকাৰ অৱস্থা! ভূমিস্খলনত নিহতৰ সংখ্যা ৯৪ জনলৈ বৃদ্ধি

ব্ৰাজিলত হাহাকাৰ অৱস্থা। ভূমিস্খলনত নিহতৰ সংখ্যা ৯৪ জনলৈ বৃদ্ধি। প্ৰৱল বৃষ্টিপাতৰ ফলত ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱাইছে বহু লোকে। ৰিঅ’ জি জেনিৰঅ’ৰ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হয় হাহাকাৰ অৱস্থা।

বান আৰু ভূমিস্খলনত বিধ্বস্ত অঞ্চলটো। ইয়াৰ পূৰ্বেও ২০১১ত বৰষুণৰ ফলত মৃত্যু হৈছিল শ শ লোকৰ। প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ ৰূপ লৈছে পাহাৰীয়া ঠাইখনত। বৰ্তমানেও আৱদ্ধ লোকৰ উদ্ধাৰৰ বাবে চলি আছে অভিযান। ৩০ দিনত হোৱা বৰষুণৰ সমান প্ৰৱল বৃষ্টিপাত হোৱা বাবে সৃষ্টি হয় ভয়াৱহ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...